সন্ধিয়াৰ আড্ডা- আহচানাল মৰুফ

©Admin
1
সন্ধিয়া আড্ডা দিয়া সেই ল'ৰা বিলাকৰ কথা ,
ভাবিলেই অবাক হওঁ সেই জীৱন যুদ্ধৰ বতৰা।

হাজাৰটা স্বপ্ন বাস্তৱত নেদেখা তাণ্ডৱ ক্ৰিয়া,
ক'লা ওঁঠত পৰিচিত সফলতা নোপোৱাৰ স্পন্দনৰ হুৱা-দুৱা। 

সপোনক বাস্তৱত পৰিণত কৰাৰ অশেষ চেষ্টা,
আচলতে টোপনি কাঢ়ি নিয়া, গভীৰ ৰাতিৰ অভিমানি স্বপ্নৰ কথা।

আধুনিকতাৰ নগ্ন মানসিকতাক দলিয়াই মানুহে কৰা নিষ্ঠুৰ অপমান,
নাই কোনো সত্যতাৰ বিচাৰ,

আধুনিকতাৰ যন্ত্ৰণাত অস্থিৰ
 হৈ
তৎক্ষণাত খহি পৰে সূৰ্য্যৰ কিৰণ ,
চেতনা হেৰাই চিঞৰি উঠে মৃত্যুৰ যন্ত্ৰণাত।
এয়াই নেকি বাস্তৱ সত্য ?
সেই সন্ধিয়া চাৰিআলিত আড্ডা দিয়া ল'ৰা বিলাকৰ জীৱন যুদ্ধত ।

আহচানাল মাৰুফ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment