মই পতিতা- আসাদ মদণী

©Admin
1
আৰে বান্ধৱী তই কৈ আছ
নিশা উজাগৰে নাথাকিবলৈ !
নিশা উজাগৰে থাকিলে হেনো
দেহাৰ ক্ষতি হয় ।
মই কিন্তু নোৱাৰোঁ দেই...
প্ৰতিদিনেই মই সাৰে থাকিব লগা হয়।
যৌন তৃপ্তিৰ নিমিত্তে
দেহৰ যি হয় হ'ব বাৰু...
নিজক লৈ বিন্দু মাত্ৰ চিন্তাও নাই।
চিন্তা কৰিলেই কি হ'ব ?
মোৰতো তোৰ দৰে ছত্রছায়াও নাই ,
জীৱনৰ বন্তি নুমাই গ'লেও 
অন্ততঃ আহাৰকণ দিবলৈয়ো কোনো নাই ,
তেন্তে কিয় বাৰু 
নিজকলৈ অত চিন্তা ?
"চিন্তা" শব্দটো তেওঁলোকৰেই সম্পদ, 
যাৰ এটা হাঁহিৰ অপেক্ষাত অপেক্ষিত আন কোনোবা,
মোৰ আজি কোনো নাই,
মই নিঃস্ব । 
যাৰ বাবে নিজক পৰীৰ দৰে সজাই-পৰাই ৰাখিছিলো
তেওঁ তৃপ্তি অনুসৰি ভোগ কৰি 
পলাই পত্রং দিলে, 
মই এতিয়া পূৰ্বৰ দৰে 
নিৰ্মল হৈ থাকা নাই ! 
মই পতিতা...
পতিতাৰ দেহৰ মূল্যনো কিমান ?
যাৰ যেতিয়া ইচ্ছা তেতিয়াই ভোগ কৰিব পাৰে, 
খেলটো একমাত্র 
"সময়" আৰু "পৰিস্থিতি" ৰ স্বীকাৰ।

আসাদ মদনী,
নগাবন্ধা (নগাঁও) 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment