মোৰ প্রিয়তমা-এহিয়া আহমেদ

©Admin
0
পাইছিলো তোমাক জীৱন বাটত 
ৰচিছিলো সপোনৰ বালিঘৰ,
তোমাৰ সান্নিধ্যত আৰম্ভ
কৰিছিলো এক অবিৰত যাত্ৰা
দেখিছিলো বহু সপোন । আজি হঠাৎ গুচি গ'লা তুমি বঠাহীন নালত তুলি 
মই ভটিয়াব পৰা নাই আজি মই শক্তি হীন নাৱৰীয়া 
মই নোৱাৰিছো আজি আগুৱাবলৈ 
এই হিংস্ৰ পৃথিৱীখনত অকলশৰে 
তুমিবিহীন জীৱনত স্থিৰতা হেৰুৱাইছো মই । 
শুনিছা যদি মোৰ হৃদয়ৰ বিননি 
পুনৰ ঘূৰি আহা মোৰ জীৱনলৈ, 
শূন্যতা আঁতৰাই মোক সজীব কৰি তোলা 
আৰম্ভ কৰো পূনৰ শূন্যৰ পৰা ।
আজি তুমি অভিমানী ,
দেখিও অবুজ হ'লা 
পাহৰিছা সেই অতীতৰ কথা ।
তোমাৰ আশাৰে জীয়াই আছো 
পুনৰ জীৱনত লগ পাম বুলি ।

✍️এহিয়া আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)