শৰাইঘাটৰ ৰণুৱা-ছাইফুদ্দিন আহমেদ

©Admin
1
অসমীয়াৰ শৌৰ্য বীৰ্যৰ 
প্ৰতিক তুমি,
অসমৰ বিজয় নিচান ৷
শৰাইঘাটৰ ৰণুৱা বীৰ 
লাচিত তুমি !
তোমাৰ পৰাক্ৰমত 
ৰাম সিংহৰ নেতৃত্বত অহা
বৃহৎ মোগল সৈন্যই ৰণ এৰি 
ছেদেলিভেদেলি হৈ 
নিজৰ প্ৰাণ ৰক্ষা কৰিল গৈ ৷
নৰীয়া গাৰে তুমি যি 
বীৰত্ব প্ৰদৰ্শন কৰি
একে ৰাতিয়ে 
মোমাই কটা গড়বান্ধি,
মোগলৰ লগত 
শৰাইঘাটৰ ৰণ জিকি
ইতিহাস ৰচিলা ৷
যিমান দিনলৈ চন্দ্ৰ, 
সূৰ্য্য থাকিব
অসম অসমীয়াৰ বুকুত তুমি কৰিবা ৰাজত্ব ৷

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আন্তৰিকতাৰে অশেষ ধন্যবাদ @অসমীয়া_সাহিত্যৰ_চানেকি লৈ 🙏

    ReplyDelete
Post a Comment