মোৰ প্ৰতিচ্ছবি উজ্জ্বলি উঠে,
সাহস পাওঁ মই প্ৰতিটো উশাহত ,
সুখে-দুখে, বিশ্বাসৰ এনাজৰী গঢ়ে তোমাৰ সেন্দুৰত।
প্ৰভাতিৰ ৰঙা বেলি আৰু
সন্ধিয়াৰ তুলসী তলৰ চাকিগচিৰ
পোহৰৰ সমান্তৰাল
সৌন্দর্যময়ী তোমাৰ শিৰৰ
সেন্দুৰৰ ৰেখাটি ।
পত্নীৰ মৰ্যাদাৰ অস্তিত্ব
কাহানিও ক্ৰয় কৰিব পৰা নাযায়,
এগৰাকী নাৰীয়ে মৰ্যাদা সৃষ্টি
কৰিব পাৰে প্ৰকৃত সেন্দুৰৰ
আবিৰেৰে ।
কি মাদকতা সেন্দুৰৰ ?
দাপোনৰ পচাৰত নাৰীয়ে
সেন্দুৰৰ সতে বাস্তৱ ৰচে
গুণ গুণৰ ।
সেন্দুৰ নাৰীৰ স্বাভিমান ,
সেন্দুৰ নাৰীৰ অলেখ গুণৰ অলংকাৰ,
সেন্দুৰ নাৰীৰ গৰিমাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ