নিশাৰ জোনাক- শেৱালী গড়

©Admin
2
জোনাক নিশাৰ
শৰতৰ শেৱালি,
সেমেকা শীতল বতাহ জাকে
কিনো খেলা কৰে।

নীলিম আকাশী তৰাই
তিৰ-বিৰাই,
মাজ নিশাত সপোন সৰায়
কিনো সৰগৰ মণ্ডৱ সাজে।

জোনাক নিশাৰ
ৰিণি-ৰিণিকৈ,
মলয়া পাহাৰ জুৰিটিৰ উল্লাসত
চৰাই - চিৰিকটিয়ে কিনো মৌ মিঠা মাতে।

কি যে আকলুৱা মোহনীয়া ক্ষণ
থৌকি - বাথৌ কৰে মন।

শ্যামলী বননিত
নিয়ৰৰ মুকুতাই,
শেৱালী পাহিত,মিচিকিয়াই হাঁহি
কিনো উন্মনা হৃদয়ত
চিত হয় ব্যাকুল।

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. লেখাটো অতি সুন্দৰ ভাবে প্ৰকাশিত কৰি দিয়াৰ বাবে বহু বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।

    ReplyDelete
  2. অতি সুন্দৰ কবিতা। ভাল লাগিল

    ReplyDelete
Post a Comment