চিৰ চেনেহী মোৰ ভাষা জননী চমু বৰ্ণনা -মিন্টু গোৱলা

©Admin
0
অসম সাহিত্য জগতৰ ভোটা তৰা মিত্ৰদেৱ মহন্ত । অসম সাহিত্য জগতত তেওঁ দি যোৱা অৱদানৰ বাবে আমাৰ ভাষা সাহিত্য চিৰ যুগমীয়া হৈ আছে ।
অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা গীতিকাৰ , আমাৰ অসমীয়া সাহিত্য ভাষা চহকী কৰি তোলা মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪চনৰ ১৩জুনত যোৰহাট সৰ্বাইবন্ধাত । তেখেতৰ পিতৃৰ নাম আছিল নিৰঞ্জন দেৱগোস্বামী মাতৃৰ নাম আছিল বগীতৰা দেৱী ।
                     তেওঁ অসমীয়া সাহিত্যৰ ভাষা সাধিনী সভাৰ চিৰ যুগমীয়া এটি আমাৰ কালজয়ী গীত আমাৰ মাজত দি থৈ গ'ল। যাৰ বাবে আমি আজিও অসমীয়া ভাষাৰ সাহিত্যক লৈ গৌৰৱ কৰোঁ। অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰ আৰু উন্নতিৰ হকে গঢ়লৈ উঠা ,অসম সাহিত্য সভাৰ এটি চিৰসেউজ গীত ।তলত গীতৰ চমু বৰ্ণনা ‌দিলোঁ ।
      চিৰ চেনেহী মোৰ ভাষা জননী
      আই ধন্যে পুন্যে হৃৎ পাৱনী
                  গীতিকাৰে কৈছে যে-আমাৰ অসমৰ অসমীয়া ভাষা সদায় মৰম , ভালপোৱাৰ এটি মিত্য ভাষা । সহজ-সৰল ভাষাৰে সৃষ্টি কৰি ,সজল  অমৰ ভালপোৱা ভাষা । সেই বাবে কৈছে আই বুলি অসমক সম্বোধন কৰিছে। সচাঁকৈ আমি এই ভাষাৰ সাগৰ খনিত ,কত যে ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা আমাৰ এই ভাষা এটি । পুন্যৰ এটি হৃৎ পাৱন যত বিভিন্ন জাতি জনজাতিৰ মিলনভূমি ,যাক আমি এটি বৃহৎ জাতিৰে পৰিচিত। 
       প্ৰকৃতি পৰশে ৰসে অমল কমল
     চঞ্চল হৃদি জলে ঢালে পৰিমল
     কোমল চপাৰ কৰি
     ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিনী।।

             অসমৰ প‌্ৰকৃতি সৌন্দৰ্যৰে ভৰা। যত পৰ্বত, পাহাৰ ভৈয়াম আৰু বিভিন্ন জাতি, জনগোষ্ঠী, বিভিন্ন ভাষা, ভাষিক, সংস্কৃতিৰে ভৰা আমাৰ এই  অসম খন । যত ভাষাৰ সাহিত্য । এই প্ৰকৃতিৰ কোমল পৰশত কত যে সৃষ্টিৰ ঢৌৱ তোলে। কত যে ভাষাৰ গৌৰৱ উজ্বলাইছে । সৃষ্টিৰে জিলিকিছে আমাৰ ভাষাৰ সাহিত্য জগত । বিখ্যাত নক্ষত্ৰ হৈ উজ্জ্বলি উঠে আমাৰ ভাষাৰ সাহিত্য। সাহিত্যৰ জগতত বহু সাহিত্যৰ মালা গাঁথে ,সেই মালাৰ কোহে,কোহে ৰিণিকি ৰিণিকি ৰাগিনী তোলে বুলি কৈছে । ভাষাৰে বহু সাহিত্য সৃষ্টি কৰে , সেই সাহিত্যই ৰাগিনী তোলে ।
            সংসাৰ গুৰুভাৰে অৱশ পৰাণ
           হিয়াত বিলীন হয় হিয়াভৰা গান
         কাৰ নিচুকনি শুনা
         শুনি বানী ব্যথা পমা
      চকুতে চকুৰ নীৰে লয় জিৰণি।।

নিশ্চয় ।সংসাৰত আমাৰ শিকনিৰ বাবে আমাক গুৰুৰ প্ৰয়োজন হয় । সেই গুৰুৱে দিএ সকলো শিক্ষা ।
আমাৰ ভাষাই হ'ল আমাৰ গুৰু। ভাষাৰ অবিহনে আমি এক পংগু।যত পংগুৰ দৰে হৈ সমাজত পৰিচালিত হ'ব লগা হয় । সেই বাবে গীতিকাৰে ভাষাক গুৰুভাৰ বুলি কৈছে। ভাষা যে আমাৰ এক হিয়াৰ আপোন , যত হিয়া
 বিলীন হৈ যায় । এই ভাষাই যেতিয়া গৌৰৱ শিখৰত উপনীত হয় তেতিয়াই আমাৰ চকুৰ চকু পানী বোৰ চকুতেই জিৰণি লয় ।
                    জীৱনে মৰণে ৰণে লহৰী সুধাৰ
                    ৰসনা শিতানে বহি সিঁচা শতধাৰ
                   হেʼ মোৰ মধুৰননা
                  মাগিছোঁ মাধুৰী কণা
               দিয়া দিয়া আই মধুভাষিণী ।।
আমি আমাৰ জীৱনত ভাষা এটি  মধুৰ  ভাষা বুলি ভাবোঁ। সেইবাবে আমি আমাৰ ভাষাক উন্নতি কৰোঁ । বিভিন্ন সৃষ্টিৰ ৰস সানি  সজাওঁ ভাষাৰ মান ।  জীৱনে মৰণে হুজিব নোৱাৰোঁ এই আই অসমীৰ ভাষাৰ ঋণ । সেই বাবে গীতিকাৰে কৈছে যে- হেʼ মোৰ মধুৰননা মাগিছোঁ মাধুৰী কণা 
দিয়া দিয়া আই মধুভাষিণী।।
ভাষাই আমাৰ জীৱন মূল আধাৰ ।ভাষাৰ অবিহনে  এটি জাতি  , সাহিত্য, সংস্কৃতি আধৰুৱা হৈ পৰে । ভাষাৰ মাধুৰী কণা বিচাৰিছে আই অসমীক ।শেষত কৈছে -দিয়া দিয়া আই মধুভাষিণী ।
অসমী আইৰ কোলা  যেন মধু ভাষাৰে উপচাই দিয়ক  ।
সাহিত্যৰ ভাষাৰে সৃষ্টি কৰি ,ভাষাৰ মান দণ্ড বঢ়াই অসমীৰ গৰ্ব বঢ়াই দিয়া ।তাকে গীতিকাৰে গীতৰ সুৰত সাহিত্য আৰু সংস্কৃতি ভাষাৰ প্ৰসাৰ কৰি, নৱ প্ৰজন্মৰ  মাজত সাহিত্যৰ চৰ্চাৰ  আগ্ৰহ বাঢ়ি অহাৰ এটি উৎসাহ মূলক গীত গাইছে । এই গীতেই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলি আহিছে । বৰ্তমানেও চহকী কৰি তুলিব বুলি আশা কৰোঁ।ই অসম সাহিত্য সভাৰ এটি চিৰযুগমীয়া গীত ।
                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)