মই তোমাৰ চিৰন্তন সহচৰ - কুমকুম (জোনাক) গগৈ

©Admin
0
তুমি সুধিছিলা মোক - 
"তুমি মোৰ বাবে কি কৰিব পাৰিবা।"
মই তোমাৰ বাবে বহুতেই কৰিব পাৰোঁ,
তুমি বিচৰা ধৰণেৰে তোমাৰ কলিজাত
সানি দিব পাৰোঁ এসাগৰ মৰম!
কিন্তু,
তুমি আনি দিব ক'লা বুলিয়েই
আনি দিব নোৱাৰোঁ বসন্তৰ মাদকতা,
আনি দিব নোৱাৰোঁ আকাশৰ এটি তৰা।
তোমাৰ বাবে সপোন দেখিব পাৰোঁ,
কিন্তু, তোমাক সপোন দেখুৱাব নোৱাৰোঁ।
তথাপিটো,
যদি তুমি চাব বিচাৰা
তোমাৰ প্ৰতি থকা মোৰ মৰম ভালপোৱা
তেন্তে, নিঃসংকুচে চাব পাৰিবা ,
যদিহে তুমি বুজি পোৱা মোৰ দুচকুৰ ভাষা।
তেতিয়া, মোৰ বুকুৰ মাজত
তুমি বিচৰা ধৰণেই পাবা
বসন্তৰ মাদকতা, চঞ্চল ফাগুনৰ পছোৱাজাক
তেতিয়া তুমিও দেখিব পাৰিবা সপোন
ঠিক মই দেখাৰ দৰেই।
কিন্তু,
      মই তোমাৰ আৰু
      তুমি মোৰ চিৰন্তন সহচৰ।।

✍️কুমকুম (জোনাক) গগৈ
শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)