প্ৰতিদিনে সূৰ্য লুকাই
প্ৰতিদিনে জোনবাই দেখোঁ
অমাবস্যাত আন্ধাৰো হয়
প্ৰতিদিনে আমি কি কৰোঁ
প্ৰতিদিনেই আমি আমাৰ
কৰ্তব্য পালন কৰোঁ ।
সময়ৰ একো একো প'ল
আমি ধৰি ৰাখিব নোৱাৰোঁ
প্ৰতিটো ক্ষনেই বিনন্দীয়া
এটা এটা ক্ষন নাহে দুনাই
প্ৰতিদিনে আমি একে কৰ্ম কৰোঁ
পুৱাৰ পৰা ৰাতিলৈ
তাৰে ভিতৰত ভাল বেয়া কৰ্মৰ
খতিয়ান নাৰাখো
মাথোঁ চকৰি ঘূৰাদি
দিন-ৰাতি ঘূৰি থাকো
এটি মানৱীয় যন্ত্ৰ হৈ ।
প্ৰতিদিনে একেই কৰ্ম
নকৰাকৈওটো থাকিব পাৰোঁ
যেন ভাগৰি হে পৰিছোঁ
একেই কাম কৰি কৰি।
কিন্তু জীৱনটো জীয়াব
পাৰিম জানোঁ ?
নোখোৱাকৈ, নুশুৱাকৈ
থাকিব পাৰিম জানোঁ ?
বাধ্য আকৌ দিন-ৰাতি
চকৰি ঘূৰাদি
আন্ধাৰ-পোহৰৰ মায়াজালত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ