মহাপ্ৰলয়-কুমকুম গগৈ

©Admin
0
আজি দেখোন অকাশখনে
কিবা নতুন ৰূপ ধাৰণ কৰিছে;
পূবৰ পৰা পশ্চিমলৈ,
 উত্তৰৰ পৰা দক্ষিণলৈ,
কলীয়া মেঘে ঢাকি পেলাইছে আকাশক।
প্ৰকাণ্ড গৰ্জনেৰে প্ৰলয় কৰি হুংকাৰ,
বজ্ৰই দেখোন আৰম্ভ কৰিছে মহা তাণ্ডৱ।
আজি দেখোন বায়ু দেৱতাইও
তীব্ৰ বেগেৰে আৰম্ভ কৰিছে
জীৱ শ্ৰেষ্ঠ মানৱৰ ধ্বংসলীলা।
আই শ্ৰুতস্বীনীয়েও দেখোন
চেনেহৰ উপত্যকা, কৃষকৰ বুকুৰ স্পন্দনক
ভাঙি চিঙি মোহাৰি নিব খুজিছে
জীৱ শ্ৰেষ্ঠ মানৱৰ মহানতম যান্ত্ৰিক সৃষ্টি।
চেনেহী ধৰিত্ৰীয়েও ক্ৰোধত জ্বলি উঠি
মানৱ জাতিৰ ওপৰত নিক্ষেপ কৰিছে জলন্ত অগ্নিপিণ্ড।
দেৱী দুৰ্গাৰ কালিৰূপ ধাৰণ কৰি
নিজ মুখে ঘটাইছে অগ্নি বিস্ফোৰণ,
কৰিছে সৃষ্টি ভয়ংকৰ জ্বালামুখীৰ।
ক্ৰোধান্বিত প্ৰকৃতি দেৱীয়ে আজি
হাতৰ আঙুলিৰ আগত নচুৱাইছে
প্ৰকৃতিৰ সৰ্ব ইন্দ্ৰিয়ক।
কিন্তু... কিন্তু মূৰ্খ মানৱে
 এতিয়াও বুজিব পৰা নাই যে
দেৱী প্ৰকৃতি এতিয়া ক্ষুণ্ণ
কেৱল আমাৰ কাৰ্য্যৰ বাবে।
সিহঁতে বুজাই নাই যে
 এইয়া আমি আৰ্জি লোৱা পাপৰ ফল।
হেৰ' মূৰ্খ মানৱ জাতি
বন্ধ কৰ , বন্ধ কৰ তহঁতৰ ধ্বংস যজ্ঞ,
পৰিহাৰ কৰ বিজ্ঞান, যন্ত্ৰ পূজা!
প্ৰকৃতি আজি আমাৰ ওপৰতেই ক্ষুণ্ণ...
আজি আৰু সহনশীলা বসুমতী
সহনশীল হৈ থকা নাই।
স্পষ্ট ভাৱে প্ৰলয়ৰ হুংকাৰ কৰি
আমাৰ বিনাশৰ অৰ্থেই আৰম্ভ কৰিছে
ধ্বংসৰ মহা যজ্ঞ।।


                   ◾কুমকুম গগৈ
                  শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)