অসমীয়া সমাজত ইংৰাজী নৱবৰ্ষ পালন- আব্দুল কাদেৰ মিঞা

©Admin
0
জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ -২০২৩ ৰ শুভেচ্ছা জনালোঁ।

ব্যস্ততাময় জীৱনৰ পৰা আৰু এটা বছৰ আমাৰ জীৱনৰ পৰা শেষ হৈ নতুন বছৰৰ আৰম্ভ হ'ল।
প্ৰত্যেক বছৰেই এই ইংৰাজী নৱবৰ্ষক আদৰিবলৈ বিশ্বৰ লগতে অসমীয়া সমাজেও বিভিন্ন প্ৰস্তুতি চলায় ।
মানৱ সভ্যতাৰ ক'ত কেতিয়া নৱবৰ্ষৰ উদযাপন আৰম্ভ হৈছিল কোনেও সঠিককৈ ক'ব নোৱাৰিব।
অজ্ঞাত অতীতত মানুহে প্ৰকৃতিৰ ৰূপৰ ভিন্নতা দেখি সময়ক ভাগ কৰিছিল ঋতুৰ ৰূপত। কালক্ৰমত এই ধৰণৰ ভিন্নতাৰ চক্ৰকাৰ গতিও তেওঁলোকে হয়তো লক্ষ্য কৰিছিল। এইদৰে ঋতুৰ গণনাচক্ৰক তেওঁলোকে ধৰি ল'লে বছৰ হিচাপে। এটা বছৰ কালৰ অতল গৰ্ভত হেৰাই যোৱা, নোযোৱাৰ মাজতেই মানুহৰ জীৱন সমক্ষত আৰ্বিভূত হয় নতুন আন এটা বছৰ।
নতুনক লৈ মানুহে দেখুওৱাই অহা আগ্ৰহ আৰু আন্তৰিকতাৰ ফলস্বৰূপে আৰম্ভণিৰ উৎসৱত মতলীয়া হৈ পৰে।
মানুহৰ এই অদ্ভূত , চমৎকাৰ ইচ্ছাৰ ৰূপায়নৰ ফলত নৱবৰ্ষ উৎসৱৰ আৰম্ভণি হয়।
বছৰৰ নতুন এই দিনটোক সাদৰ অভ্যৰ্থনা জনোৱাৰ আয়োজন অকল সুপ্ৰাচীনেই নহয় বৰং ই পৃথিৱীৰ ইতিহাসত মানৱ সমাজে পালন কৰা আটাইতকৈ পুৰণি উৎসৱ।
ইংৰাজী নৱবৰ্ষ পালন আৰম্ভ হয় ১৯ শতিকাৰ পৰা। নতুন বছৰৰ আগৰ দিনটো অৰ্থাৎ ৩১ ডিচেম্বৰ হৈছে " নিউ ইয়াৰ ঈভ" ।
এই দিনটোত নতুন বছৰৰ আগমনক লৈ সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো বিৰাজ কৰে উৎসৱ মুখৰ পৰিৱেশ।
প্ৰতি বছৰে ৩১ ডিচেম্বৰৰ ৰাতি ১২ বাজি এক মিনিট যোৱাৰেই পৰা আৰম্ভ হয় নতুন বছৰৰ উদযাপনৰ উন্মাদনা । আকাশত বিয়পি পৰে আতচবাজিৰ আলোক সজ্জা । বিশ্বব্যাপী " নিউ ইয়াৰ ডে " সাৰ্বজনীয় এক উৎসৱলৈ ৰূপান্তৰিত হয়।
ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ সংগতি ৰাখি অসমীয়া সমাজে নৱবৰ্ষ পালন কৰে।
ব্যস্ততাৰ পৰা আঁতৰি আহি প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি আত্মীয়-স্বজন, বন্ধু-বান্ধৱীৰ লগত হাঁহি ধেমালিৰে মুক্ত আকাশৰ তলত এসাঁজ খাবলৈ সকলোৱে বনভোজ থলীলৈ ঢাপলি মেলে।
অসমীয়া সমাজত ইংৰাজী নৱবৰ্ষ পালনৰ ভূমিকা বহু দিনৰ পৰা চলি আহিছে।
উত্তৰ-পূব ভাৰতৰ চাৰিওফালে পৰ্বত পাহাৰে আগুৰি থকা ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক উপত্যকাক লৈ গঠিত ভূখণ্ডই হ'ল অসম।
বৰ্তমান অসম বুলিলে আমি ধুবুৰীৰ পৰা শদিয়ালৈ আৰু দক্ষিণ পশ্চিমে কাছাৰৰ লৈকে বুজো ।
প্ৰাচীন সভ্যতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমত সভ্যতাৰ ক্ৰমবিকাশ ঘটি আজিৰ ৰূপ পাইছে।
অসমত অতীত কালৰে পৰা বিভিন্ন জনগোষ্ঠীৰে এক সংগমস্থল হৈ আছে আৰু ইয়াৰ মাজতেই জাতি, ধৰ্ম ,বৰ্ণ আৰু ভাষা নিৰ্বিশেষে সকলোৱে পালন কৰি আহিছে নৱবৰ্ষ।
অসমীয়া সমাজত ইংৰাজী নৱবৰ্ষ পালন কৰা কোনো ধৰ্মীয় উৎসৱ বা সংস্কৃতি বুলি ধৰিব নোৱাৰি । 
অসমীয়া সমাজত নৱবৰ্ষ ইমান ধুমধামেৰে উদযাপন কৰা কোনো যুক্তি নাই ।
ব'হাগ বিহু অসমীয়া জাতিৰ পৰিচয়। সেয়ে আমি বহাগ বিহুটো সুন্দৰ কৈ পালন কৰিব লাগে। তাৰ পিছতো ব্যস্ততা , ভাগৰ পাহৰি এদিন আপোনজনৰ সৈতে ওলাই যাওক নতুন ঠাই চাওক, বাহিৰত নৱবৰ্ষ উপলক্ষে এসাঁজ খাওক । আশা কৰোঁ ইংৰাজী নৱবৰ্ষ সকলোৰে বাবে শুভ হওক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)