কাব্যঋষি-মিন্টু গোৱলা

©Admin
1
হে কাব্যঋষি 
নিয়তিৰ বাণীত 
 তুমি আজি ম্লান হʼলা।
 
কাব্যৰ শলিতাৰে
 কত চাকি জ্বলা 
কত চিয়াঁহীৰে বিয়পালা
 কত নৱ নৱ কাব্য ।

কাব্যৰ চিয়াঁহীৰে নিজৰ পৰিচয় দিলা,
 ককা নীলমণি বুলি ।

কত জনৰ মনত কত সাঁচ  বহুৱালা
প্ৰেৰণাৰ এটি গোলাপ হৈ !

হঠাৎ নিস্তব্ধ হ'ল 
তোমাৰ চিয়াঁহীৰে বাগৰা বহিখন
ম্লান হ'ল সাহিত্য জগতখন ;
 
দুখত ম্ৰিয়মাণ হ'ল ,
সকলো সাহিত্যানুৰাগী 
তুমি গুচি গʼলা  - সেই সূৰ্য্যৰ দেশত ।
তুমি হʼলা  - সূৰ্য্যৰ মানুহ !

সূৰ্য্যৰ কিৰণত  তুমি কিৰণময়ী
 হৈ উজ্জ্বলি উঠা সৌ আকাশত 
তোমাৰ আত্মাই চিৰ শান্তি পাওঁক ।।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment