আকৌ এটি সুৰুযৰ উদয়ন হ'ব,
এটি বৃহৎ সংখ্যাই ত্ৰয়োবিংশ
বয়সত ভৰি দিব।
এটি এটি পৃষ্ঠাৰ উন্মোচন হ'ব,
প্ৰকৃতিৰ নীলা আকাশে
তৰু-তৃণৰ সতে আদৰণি জনাব।
শিলে-শিলে নিজৰাই হাঁহিৰ প্ৰতিধ্বনি তুলিব ,
বিৰিখে-বিৰিখে কোমল -
কুঁহি ওলাব,
বিচিত্ৰ চৰাইয়ে সুৰৰ লহৰ বিয়পাব,
জন সমাজে আশিস বিচাৰি
মন্দিৰ, মছজিদ আৰু গীৰ্জাৰ বাকৰিত উপাসনা কৰিব,
অনাগত দিনৰ প্ৰতিটো পলত
মংগল হওঁক, অনাবিল আনন্দৰ
খোৰাক জগাওক, সুখময় হওঁক ।
◾ৰজনী কুমাৰ ডেকা
ৰঙিয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ