কিতাপ বুলি ক'লে আমাৰ মনলৈ অজস্ৰ কিতাপৰ নাম আহে। তাৰ ভিতৰত প্ৰথমে আহে আমাৰ পাঠ্যপুথিকেইখনৰ নাম । কিয়নো আমি বেছিভাগ সময় সেই কিতাপ কেইখনৰ লগতে থাকিব লাগে। কিতাপ পঢ়ি আজিলৈকে কোনো মানুহে শেষ কৰিব পৰা নাই । আৰু ভৱিষ্যতেও নোৱাৰে। বয়স যিমানেই নহওক কিয় আমাৰ কিন্তু জ্ঞান অৰ্জন কৰি কেতিয়াও শেষ নহয় ।এনেদৰে কিতাপ পঢ়িও শেষ নহয়। কাৰণ সেই জ্ঞান বোৰ আমি কিতাপৰ পৰাই পাওঁ। আমি কিতাপ পঢ়িব লাগে । যেতিয়া এজন লেখকে এখন কিতাপ লিখে। তেতিয়া কিন্তু সেই ব্যক্তিজনে এবাৰতে লিখা নাছিল। বছৰ বছৰ লাগিছিল। এটা কাহিনী আৰম্ভ কৰি সেই কাহিনীটো শেষ কৰিবলৈ বহুত সময় লাগে। তাৰ কাৰণে লাগিব ত্যাগ, ধৈৰ্য্য আৰু সাহস। লেখক জনে কিতাপখনৰ কাহিনীৰ যোগেদি কেতিয়াবা আমাৰ অতীতৰ কথা বৰ্ণনা কৰে। আৰু কেতিয়াবা আমাৰ ভৱিষ্যতটোৰ কথাও বৰ্ণনা কৰে। আৰু আমি চল্লিছ , পঞ্চাছ বছৰৰ পাছৰ কথা এদিনতে পঢ়ি জানিব পাৰোঁ।সেইকাৰণে পঢ়িবলৈ ভাল লিখাতকৈ। পঢ়িবলৈও লাগে মন , ধৈৰ্য্য আৰু একাগ্ৰতা। নতুন নতুন শব্দৰ লগত চিনাকি হ'বলৈ মন থাকিলে আমি কিতাপ পঢ়িবই লাগিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ