ব'হাগ আহি পালেহি কোঁৱৰৰ বিয়া- ছেলিমা বেগম

©Admin
1
ফাগুনী গৈ গৈ ব'হাগ আহি পালেহি ,
এবেলি বহাগীৰ বিয়া ৰাজ কোঁৱৰ তগৰৰ হতে ,
ব'হাগৰ ৰাজ কোঁৱৰ আহিব দৰা হৈ ব'হাগতে 
দৰাক আদৰিবলৈ সাজু হৈ আছে নাহৰ,কপৌ,এজাৰ হতে 
নতুন সাজেৰে সাজ, পাৰ পিন্ধি লৈছে বৃক্ষ, বিৰিখ কুঁহি পাতেৰে 
কুলি আহিব গান গাবলৈ কেতেকী ভাইয়েৰ হৈতে।। 

বাঃ বাঃ! ইমান ধুনীয়া ৰবা মণ্ডপখন 
কোনেনো স্ৰজিলে মুকলি আকাশৰ তলখন 
নাই নাই ইয়াত কোনো কাৰোকাৰ্যৰ হাত 
প্রকৃতিৰ নিয়মত স্ৰজিলে বিশাল ধৰণীখন 
কুমাৰী ব'হাগীক নিবলৈ আহিব প্ৰকৃতিৰ নিয়মত
নাকান্দিবা নাকান্দিবা ব'হাগী এয়া জগতৰ নিয়ম।। 

পশ্চিমৰ পৰা পূবলৈ বলা পছোৱা বতাহ জাক আহিলে 
 মৰমৰ কন্যা ব'হাগীক নিবলৈ 
ৰাজ কুঁৱৰীক বিদায় দিবলৈ আহিল বৰ দৈচিলা 
সকলো তজ্ ,নজ্ কৰি লৈ গুচি গ'ল ব'হাগীক 
কন্যাক বিদায় দি বৰদৈচিলা মাকৰ ঘৰলৈ গ'ল।।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment