কলংকিনী ৰাধে-মাৰ্জিনা বেগম

©Admin
0
অনিন্দ্য সুন্দৰী গোৱালৰ জী
ভাৰ তুলি যমুনা ঘাটত ,
দধি-দুগ্ধ লৈ যায় মথুৰা হাটলৈ 
সোণ বিকি ভগা নাওত।

যমুনাৰ পাৰত নাৱৰীয়া  কানাই 
যৌৱন চঞ্চলা চাৱনিৰে ,
হৃদয় শাৰীত থিয় হৈ হৰি নিলে 
মন বোলোৱা পিৰিতিৰ কথাৰে।

মোহন বাঁহীৰ সপ্ত সুৰৰ বিন্ধাত
কৃষ্ণময়ী বৰষে অধৰামৃত ,
বেণুগীত শুনি বাউলী হৈ  ৰাধে 
ঢাপলি মেলে কদম্ব তলত।

গোপন প্ৰেমৰ কৃষ্ণ-লীলা জানি 
গকুলত হাঁহিছে গোপিনী,
উতনুৱা মনৰ প্ৰণয়ৰ  তাৰণাত 
নাযাওঁ কৈও থাকিব নোৱাৰি।

ললিত লয়ত অন্তৰত সঞ্চিত 
প্ৰগাঢ় প্ৰেমৰ বোৱঁতী ধাৰা,
গোপন অভিসাৰ জগতে জানিলে  
নাম পালে  "কলংকিনী ৰাধা"।

◾মাৰ্জিনা বেগম, বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)