নিঃসহায় ভাৱে -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কাষলৈ আহি এবাৰ
মোৰ মন ভৰি যোৱাকৈ
চাই যোৱাহিনা দেউতা
আলফুলে সাৱটি মোক
এবাৰ নিচুকাই দিয়াহিনা ।
অভিমানী হিয়াখন উচুপি
নুঠিবলৈ শান্তনা দিবানে তুমি
আহিব নিবিচাৰিলে নালাগে
দূৰণিৰ আকাশৰ পৰাই
হাঁহি মাৰি চাই দিয়া দেউতা
উদাসী মনে নুবুজে নহ'লে
নিচুকাবও নোৱাৰে তোমাৰ
স্মৃতিবোৰে বুকুত খুন্দিয়াই
বৰকৈ আমনি কৰিলে 
নিঃসহায় ভাৱে কেৱল নিৰৱ হৈ পৰো।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)