পেটৰ ভাতমুঠিৰ বাবে প্ৰায়েই মই কোম্পানীৰ কামত কয়লা,লোৰ আকৰ, বক্সাইট,মেংগানিজ আৰু চূনশিলৰ খনিবোৰলৈ যাবলগীয়া হয় ।
আষাঢ় মাহৰ উৎকত গৰম আৰু আৰ্দ্ৰতাৰ মাজত কালিৰে পৰা দুদিন ধৰি উৰিষ্যাৰ তালেচৰ চহৰৰ সমীপৰ মহানদী কোলফিল্ড নিগমৰ অধীনস্থ ভুৱনেশ্বৰী আৰু ভৰতপুৰ কয়লা খনিত কটাই এইমাত্ৰ আহি ভুবনেশ্বৰ বিমান বন্দৰত উপস্থিত হৈছোঁহি । পৃথিৱীৰ মানুহ নামৰ প্ৰজাতিটোৱে একমাত্ৰ নিজৰ বিকাশ আৰু উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত কিমান প্ৰহসন চলাব পাৰে তাক এই খনিবোৰ পৰিদৰ্শন কৰিলেহে বুজিব পাৰি। কিন্ত কি কৰিব এইয়াই হৈছে জাপানীজ সকলে কোৱাৰ দৰে
চিকাটা গানাই অৰুনাচলৰ নিচি সকলে কোৱাৰদৰে উপাই দোমা অৰ্থাত উপাই নাই ।
এই খনিবোৰলৈ গৈ প্ৰকৃতিৰ দুৰ্দশাৰ লগতে মেছিনৰ অপাৰেটৰ, মেকানিক, ফোৰমেন চুপাৰভাইজৰ আদি শ্ৰমিক সকলে কৰা অপৰিসীম পৰিশ্ৰম দেখি অন্তৰ দহি যায়। প্ৰায় বিশ বছৰ মান আগত ইংগাৰচল ৰেন্ড নামৰ কোম্পানীটোত কাম কৰি থাকোতে এবাৰ এজন ওপৰৱালা বিষয়াৰ সৈতে লিডুৰ টিকক কলিয়ৰীলৈ গৈছিলোঁ । বাংগালোৰ চহৰৰ পৰা অহা সেই ওপৰৱালা বিষয়া জনে মোক কৈছিল, এই কঠিন কামবোৰ কৰা শ্ৰমিক সকলৰ প্ৰতি সদায়েই সহানুভূতিশীল হ'বা। তেওঁলোকৰ নামবোৰ যিমান পাৰা মনত ৰাখিবলৈচেষ্টা কৰিবা। সদায়েই আহি মেছিনৰ উত্তপ্ত আসনত বহি তেওঁলোকে কৰা শাৰীৰিক কষ্টক অলপমান অনুভৱ কৰিবলৈ চেষ্টা কৰিবা । সেইয়াই হ'ব তেওঁৰ অপাৰ পৰিশ্ৰমৰ প্ৰতি তোমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন। ইতিমধ্যেই সেই ওপৰৱালাজনে কৰ্পোৰেট জগতৰ পৰা অব্যাহতি ল'লে । কিন্ত তেওঁৰ পৰামৰ্শ সাৰোগত কৰি চাইটলৈ গৈ মেছিনৰ আসনত বহাটো নিজে নজনাকৈয়েই মোৰ এটা অভ্যাসত পৰিণত হৈ পৰিল।
আষাঢ় মাহৰ ৰ'দৰ তাপত শৰীৰ বিয়াকুল হলেও অপৰিসীম কষ্ট কৰা কৰ্ম নিষ্ঠ এই শ্ৰমিক সকলক দেখি নিজৰ মনৰ উদ্যম দুগুণ বাঢ়ি যায় ।
🔴চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ