বন্দনা -পৰিস্মিতা দত্ত

©Admin
0
পৃথিৱীত যেতিয়াই হয় ধৰ্মৰ গ্লানি
অধৰ্মৰ ঘটে প্ৰাদুৰ্ভাৱ……
দুষ্কৃতিক বিনাশী ধৰ্ম স্থাপন কৰি 
তুমি যুগে যুগে ধৰা অৱতাৰ।

হে দুষ্কৃতিনাশক.. 
তুমি প্ৰাণময়..
নামি আহা মানৱলোকত 
সংহাৰী অৱতাৰ কৰি ধাৰণ,
নাশ কৰি মানৱৰ হিংসা, ভেদভাৱ, অনীতি 
দুষ্কৃতিৰ দু:কৰ্ম কৰাহি ইতি। 

সেয়ে কাতৰি আপেক্ষিছোঁ
নাম ধৰ্মৰ পুষ্পাঞ্জলি লৈ ,
কি পুষ্পেৰে পূজিম তোমাক
কোনো মতে মনে নাপাওঁ গুণি। 

নুপুজিলে প্ৰভু মই তোমাক 
ধৰণীত জন্ম লোৱা নহʼব সাম্ফল ,
নভজিলে প্ৰভুৰ চৰণ কমলে
মানৱী জন্ম যাব অথলে ।

যাব নোৱাৰোঁ কাশী, গয়া, মথুৰা 
মোৰ হৃদয় বৃন্দাবনতেই তোমাক কৰোঁ সেৱা ,
নকৰোঁ ফললৈ আশা
কেৱল তোমাক কৰোঁ বন্দনা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)