মানুহ হোৱাৰ পৰা মানুহ হিচাপে প্ৰতিষ্ঠা হোৱাৰ দীঘলীয়া যাত্ৰাটোৱে জীৱন -সংযুক্তা দত্ত

©Admin
0
 সকলো বস্তুতকৈ মানুহৰ জীৱনৰ মূল্য বহুত বেছি । সেই কাৰণে সকলোৰে মতে জীৱনৰ সংজ্ঞায়ো বেলেগ বেলেগ । কিছুমানৰ মতে জীৱনটো সৰল আৰু কিছুমানৰ মতে জীৱনটো বৰ জটিল। আমি সকলো বস্তু পইছা দি কিনিব পাৰিম। কিন্তু নিজৰ জীৱনটো কেতিয়াও কিনিব নোৱাৰো। সেই কাৰণে ইয়াৰ মূল্য বহুত বেছি। মানুহৰ আটাইতকৈ প্ৰিয় হ'ল নিজৰ জীৱনটো। সেইকাৰণে সকলোৱে প্ৰথমে নিজৰ কথা চিন্তা কৰে। পাছত হে আনৰ কথা ভাৱে। ধৰি লওঁক আপোনাৰ ঘৰৰ ওচৰৰ ব্যক্তিজনৰ এটা সমস্যা হৈছে আৰু তেওঁ আপোনাৰ পৰা সেই সমস্যাৰ এটা সামাধান বিচাৰি আহিছে। কিন্তু আপোনাৰ হাতত সময়ৰ অভাৱ আৰু সেইবাবে সেই কথাটো পাতলকৈ লৈ আপুনি এটা সামাধান দিলে । কিন্তু সমস্যাটোৰ আপুনি দিয়াৰ সামাধানটো জৰিয়তে সেই ব্যক্তিজেন হয়তো বিপদৰ পৰা উদ্ধাৰ হ'বও পাৰে আৰু ন'হবও পাৰে। কাৰণ সেই সমস্যাটো আপুনি আপোনাৰ জীৱনৰ লগত খাপ খুৱাই নাচাবও পাৰে। কোনোৱাই সহায় বিচাৰি আহিছে আৰু আপুনি সহায়ৰ হাত হে আগবঢ়াইছে। কিন্তু আপোনাৰ জীৱনত হোৱা সমস্যাটো সামাধান কৰোঁতে আপুনি এবাৰ দুবাৰ নহয় হয়তো হাজাৰ বাৰ ভাবি চাব। কাৰণ আপুনি আপোনাৰ সমস্যাটো সামাধান নিজক দিব । কাৰণ আপোনাৰ বাবে আপোনাৰ জীৱনৰ মূল্য বহুত বেছি।   মানুহৰ জীৱনৰ বিশেষত্ব বা মহত্ব - সকলোৱে বাবে জীৱনৰ বিশেষত্ব বেলেগ বেলেগ। কিছুলোকে সাধাৰণ কাম কৰিয়ে জীৱনৰ মহত্ব বিচাৰি পায় আৰু আন কিছুলোকে ডাঙৰ ডাঙৰ কাম কৰিও জীৱনৰ মহত্ব বিচাৰি নাপায়। মানুহৰ জীৱনৰ কেইটামান মহত্ব : -- 
    (১) মানুহে মানুহ হৈ জীয়াই থাকিবলৈ শিকিব লাগে। যিহেতু আমাৰ সকলোৰে চিন্তা কৰিব পৰা শক্তি আছে । আমি বহুত ভাগ্যবান। কাৰণ ভগৱানে কেৱল আমাক হে চিন্তা কৰিব পৰা শক্তি দিছে। আন জীৱবোৰক নাই দিয়া । 
(২) মানুহৰ হাতত ইমানেই শক্তি আছে যে মানুহে সমাজ ধ্বংসও কৰিব পাৰে আৰু সৃষ্টিও কৰিব পাৰে। 
৩) মানুহে ইজনে সিজনক সহায় কৰিব পাৰে।    মানুহ হোৱাৰ যাত্ৰাত শিক্ষাক এক গুৰুত্ব পূৰ্ণ আহিলা হিচাপে প্ৰক্ষেপন - পৰিয়ালৰ পাছত শিক্ষানুস্থানতে শিশু এজনে অধিক সময় অতিবাহিত কৰে । নিজ পৰিয়ালক বাদ দি বহল পৃথিৱীত ভৰি দিয়ে। 
                 শিক্ষাইয়ে মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰে। সেয়া শিক্ষা হ'ল --- মূল্যবোধৰ, নৈতিকতাৰ, সহযোগিতাৰ, মিলাপ্ৰীতিৰ , ন্যায় পৰায়ণতা আদি। এই শিক্ষাই এজন ব্যক্তিক পৰিপূৰ্ণ কৰি তোলে। 
             মহান লোকৰ নিদৰ্শন -- ভাৰতবৰ্ষ হ'ল মহা মহা মণিষীৰ জন্মস্থান । আৰু সেই মহান ব্যক্তি সকলৰ দৰ্শনৰ মতে আমি আমাৰ জীৱনটো আগুৱাই নিব পাৰোঁ। আৰু মানুহ হোৱাৰ পৰা মানুহ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ। মহান লোকৰ কেইটামান মহান বাণী --
      ( ১) দুখীয়াক সহায় কৰিবা ভগৱানে তোমাক সহায় কৰিব - বুদ্ধদেৱ।
      
    ( ২) অহিংসাই পৰম ধৰ্ম - মহাত্মা গান্ধী।

               সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰকৃত মানুহৰ প্ৰভাৱ - 
                     বৰ্তমান সময়ত সমাজত প্ৰকৃত মানুহৰ প্ৰভাৱ হৈছে । আৰু এই প্ৰভাৱ বিভিন্ন ক্ষেত্ৰত হৈছে । মানুহৰ চিন্তা , অনুভূতি , আচৰণ আদি আন মানুহৰ দ্বাৰা প্ৰভাৱিত হয়। এজন ব্যক্তিৰ সামাজিক স্থিতি পেছা বা তেওঁৰ পেছাগত স্থিতিৰ ফলত সামাজিক সম্বন্ধ সমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশ থাকে --
 ১) সততা আৰু নিস্বাৰ্থতা - ব্যক্তিগত লাভালাভ পাহৰি ৰাজহুৱা স্বাৰ্থৰ বাবে কাম কৰা । কিন্তু বৰ্তমান সময়ত মানুহে প্ৰথমে নিজৰ লাভৰ কথা চিন্তা কৰে । এই ক্ষেত্ৰত সমাজত প্ৰকৃত মানুহৰ প্ৰভাৱ। 

 ২) সত্যনিষ্ঠা - আজি কালি মানুহে শুদ্ধ পথত থাকি ভাল কাম কৰিবলৈ টান পায়। কাৰণ - সেই পথত থাকিলে নিজৰ স্বাৰ্থ সিদ্ধি নহ'ব। এই ক্ষেত্ৰত সমাজত প্ৰকৃত মানুহৰ প্ৰভাৱ। 

 ৩) দায়িত্ববোধ- দায়িত্ব সমূহ সমাজৰ লগতে নিজৰ বুলি পালন কৰা মানুহৰ সংখ্যা কম। এই ক্ষেত্ৰতো প্ৰকৃত মানুহৰ প্ৰভাৱ। 
                       যিজন ব্যক্তিৰ গাত এই সকলোখিনি গুণ থকাৰ পাছতো , আনৰ কথাত পতিয়ন নাযায় বা এই সকলোখিনি নিজৰ বা ৰাজহুৱা দায়িত্ব বুলি ভাৱি নিস্বাৰ্থ আৰু সত্যনিষ্ঠা হৈ কাম কৰি যায় সেইজনেই হ'ল - প্ৰকৃত মানুহ । সেইকাৰণেই কোৱা হয় যে -- ' মানুহ হোৱাৰ পৰা মানুহ হিচাপে প্ৰতিষ্ঠা হোৱাৰ দীঘলীয়া যাত্ৰাটোৱে জীৱন '। 
                 ✍🏻 সংযুক্তা দত্ত।
                            দেৰগাঁও ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)