নিসংগতাৰ অনুভৱ

Rinku Rajowar
0
পুৱাতে উঠি আন দিনাৰ দৰেই পুলকেশ বৰুৱাই বাৰাণ্ডাত বহি বাতৰি কাকত খন হাতত লৈ উৰাই ঘূৰাই পঢ়িৱলৈ ল'লে ৷ কাকতখন ৰাতিপুৱাই নপঢ়িলে বৰুৱাৰ যেন দিনটোৰ একোৱে হজম নহয় ৷ দেউতা চাহ ঠাণ্ডা হৱ এতিয়া ৷ বোৱাৰীয়েকৰ মাততহে যেন সাৰ পালে ৷ চাহ কাপত সোহা মাৰি পুণৰ কাকতত চকু ফুৰালে ৷
              ৭০বছৰীয়া পুলকেশ বৰুৱা পুত্ৰ -বোৱাৰী,একমাত্ৰ নাতি অঞ্জনৰ সতে মুঠতে চাৰিটা প্ৰাণী ৷ পুত্ৰ অভিজিত আৰু বোৱাৰীয়েক নিকিতা  এটা প্ৰাইভেট কোম্পানীত একেটা অফিচতে চাকৰি কৰে ৷ পুলকেশ বৰুৱাও চাকৰি কৰিছিল ৷ অৱসৰ লোৱা দহ বছৰ মানেই হল ৷ পেঞ্চনৰ টকা কেইটা নিয়মীয়াকৈ পাই থকাৰ বাবে পুত্ৰ -বোৱাৰীয়েকক ইটো সিটো প্ৰয়োজনত টকা-পইচাৰ বাবে হাত পাতিৱ লগা নহয় ৷ মাথোন চাকৰিটোৰ পৰা অৱসৰ লোৱাৰ পিছতহে লগ-লগৰীয়াৰ অভাৱত নিসংগতাৰ এক অভাৱে মানুহজনৰ পিচে পিচে  ঘূৰে ৷ অভিজিতৰ মাক সৰুতেই ঢুকাইছিল ৷ মাকৰ মৰম আৰু দেউতাকৰ মৰম একো অভাৱ নোহোৱাকৈ তাক ডাঙৰ কৰিছিল ৷ ঘৰত বন কৰা এটি আছিল আজি দুবছৰমান আগত সিও এইখন ঘৰতেই ঢুকাল ৷ বনকৰা বিজু কাইয়ো তাক বহুত আপডালেৰে ডাঙৰ কৰিছিল ৷ অফিচ ছুটীৰ লগে লগে পুত্ৰই কষ্ট পাৱ বুলি লৰালৰিকৈ আহি পুলকেশ বৰুৱাই  তাৰ লগত সময় দিছিল ৷ সি ডাঙৰ হল ৷ চাকৰি পালে বিয়া বাৰু কৰিলে ৷ সন্তানো ঘটিল ৷ ইমানেই ব্যস্ততাৰ মাজত সোমাই পৰিল অফিচ,পত্নী,লৰাৰ মাজত থাকি দেউতাকৰ সতে এষাৰ কথা পতাৰো যেন সময় নহয় ৷ ঘৰখনত আলহী দুলহীও নাহে ,আহিবই বা কোন  ?
                 সকলোৱে স্কুল,অফিচ এইবোৰ কামত ওলাই যায় ৷ সন্ধ্যা সময়ত সকলো ঘৰত সোমায়হি ৷ আহিয়েই ল'ৰাৰ হোমৱৰ্ক,কোনোবাই ৰান্ধনি ঘৰত,কোনোবাই অফিচৰ আধৰুৱা কাম বোৰ ঘৰত আনি সমাধান কৰাত ব্যস্ত থাকে ৷ দিনত অৱশ্যে বৰুৱাই অলপ সময় টিভিতো খুলি বাতৰি চায় ৷অকলশৰে কিমান পৰনো টিভিৰ কাষত বহি থাকিব আমনি লগা হয় ৷কেতিয়াৱা দিনৰ দিনটো প্ৰকাণ্ড ঘৰটোত আমনি লগা হয়গৈ ৷ কেতিয়াবা সন্ধিয়া সময় পাৰ কৰিৱলৈ টিভিৰ কাষত বহি বাতৰি চাবলৈয়ো কোনোৱে চাব খুজে কাৰ্টুন,কোনোৱে খেল,কোনোৱে চিৰিয়েল ৷ সিহঁতবোৰকে টিভিটো চাৱলৈ নুজোৰে ৷ কেতিয়াৱা বছেৰেকত মানুহৰ সমাগম আৰু অকনমান কথা পতাৰ সংগ লাভৰ আশাতেই নাতিয়েকৰ জন্মদিনটো পুতেক- বোৱাৰীয়েকক খৰচ কৰিৱলৈ নিদি নিজৰ পেঞ্চনৰ টকাৰে পাতে ৷ কেতিয়াৱা পুতেকৰ অফিচৰ কোনোবা লগৰ নিশাৰ সাঁজগালৰ অতিথি ৰূপত আহিলে সিহঁতবোৰৰ কাষত বহি অকনমান নিসংগতা দূৰ কৰিৱলৈ দু-আষাৰ কথাৰ ভাগ লবলৈ বহিলেও যেন পুতেক বোৱাৰীয়েকে যেন বেয়াই পাই ৷ এদিনাখনৰ কথা পুতেকৰ অফিচৰ নিৰ্বান আৰু পৰিবাৰৰ লগত পুত্ৰ বোৱাৰীয়েকৰ কিবা কথা চলি আছিল ৷ পুলকেশ বৰুৱাই কিবা এটা কৱ লওঁতেই পুতেকে মাত লগালে "দেউতা তুমি যোৱাচোন ইয়াৰ পৰা, তুমি সংসাৰখনৰ কথা একোৱেই নাজানা ৷ আমাৰ কথাৰ মাজত কিয় ভাগ লৈছা  ? শুই থাকাগৈ যোৱা, ভাত হলে জগাই দিম মাতিলে খাৱলৈ আহিবা ৷"
             পুলকেশ বৰুৱাই একো নামাতিলে ৷ নিজৰ শোৱনী কোঠাটোত সোমাই মনতে ভাৱিলে "মই বাৰু সঁচাকৈয়ে একোৱেই নাজানো নেকি ? যিটো সন্তানক মাকৰ অভাৱ অনুভৱ কৰিৱলৈ নিদিলো ৷ যিটো সন্তানৰ ভৱিষ্যতৰ কথা ভাৱি দ্বিতীয় বিবাহ নকৰিলো ৷  সৰুকালত যিটো সন্তানৰ প্ৰতিটো কথা উত্তৰ দি সময়ত ভাগৰি পৰিছিলো ৷ সৌ -সিদিনা বিয়াখন নপতালৈকে ভাত খাৱলৈ দেউতাকলৈ ৰৈ আছিল ৷ দেউতাকৰ সিদ্ধান্তৰ অবিহনে একো কাম নকৰিছিল ৷ দেউতাকৰ পিছে পিছে ঘূৰিছিল ৷ দেউতাকৰ কাষত সদায় শুই পৰিছিল ৷
              অভিজিতে পুলকেশ বৰুৱাক তেনেদৰে কিবা কব বুলি ভবাই নাছিল ৷ মনতে ভাবিলে এইয়া সিহঁতৰ দুখ নে মোৰেই দুখ ? আকৌ ভাবিলে নহয় নহয়  এইয়া চাগে সময়ৰেই দুষ ৷ পৰিৱৰ্তনশীল সমাজত চাগে এইয়াই নিয়ম ৷ নমৰালৈকে এনেকৈয়ে জীয়াই থাকিৱ লাগিৱ ৷ বাতৰি কাকতখনেই একমাত্ৰ সংগী এতিয়া ৷ কেতিয়াবা বাতৰি কাকত দিৱলৈ অহা পেপাৰৱালা জনৰ লগত কথা পাতিৱলৈ পোৱাৰ বাদে এই বয়সত সংগ পোৱা আৰু যেন পুলকেশ বৰুৱাৰ আন কোনো নাই তেওঁ যেন শেষত বুজি উঠিল ৷

✍️ জ্যোতিস্ক বৰুৱা ৷
নামৰূপ,অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)