বৰ্তমানৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী- মানস প্ৰতীম মালী

©Admin
0
স্মাৰ্টফোন, হয় বৰ্তমান স্কুলত পঢ়ি থকা লৰা ছোৱালীৰ হাতটো দেখিবলৈ পোৱা এটি সহজলভ্য সামগ্ৰী ।আমি যিটো সময়ত পুতলা , গাড়ী , মাৰ্বল খেল খেলিছিলো আমি যিটো সময়ত ককা আইতাৰ মুখৰপৰা সাধু শুনিছিলো , আজিকালি লৰা ছোৱালীয়ে স্মাৰ্টফোনত গেম খেলে ।
লৰা ছোৱালীৰ হাতে হাতে স্মাৰ্টফোনটো আহিলে লকডাউনৰ পৰা , অনলাইন ক্লাছে হয়তো ইয়াৰ এক প্ৰধান কাৰণ । অনলাইন ক্লাছ এতিয়া শেষ হ'ল , কিন্তু এতিয়াও স্কুলত পঢ়ি থকা
যাৰ যাৰ স্মাৰ্টফোন নাই , তেনেকুৱা লৰা বা ছোৱালীজনীয়ে স্কুলৰ কিবা পৰীক্ষা দিব স্মাৰ্টফোনৰ দৰকাৰ গতিকে স্মাৰ্টফোন লাগে বুলি ঘৰত কলে , দুদিন ভাত নোখোৱাকৈ থাকি স্মাৰ্ট ফোন লাগে বুলি জেদ কৰিলে , লগালগ আহি গল ঘৰলৈ স্মাৰ্টফোন ।
           ঘৰত আলু পিয়াঁজ নাথাকিব পাৰে , কিন্তু স্মাৰ্টফোন লাগিবই । লাগিলে ফোনটো কিস্তিত আনিব , নহলে সুতত টকা ধাৰ কৰিব কিন্তু আলাসৰ লাৰু , নিজৰ লৰা বা ছোৱালীজনীৰ বাবে স্মাৰ্টফোন কিনিবই ।
              সন্মুখত দেখা কথাবোৰ নিলিখাকৈ থাকিব নোৱাৰিলোঁ , এনেকৈ হ'লে কি হ'ব , বৰ্তমানৰ স্কুলীয়া লৰা ছোৱালীবোৰ আধুনিক হৈছে ঠিকেই আছে , কিন্তু এনেকুৱা আধুনিকতাই কাৰ কি লাভ কৰিব ? 
          প্ৰতিজন অভিভাৱক কঠিন হলে , প্ৰতিজন অভিভাৱক সতৰ্ক হলেহে আপোনাৰ লৰা বা ছোৱালীজনীয়ো ভবিষ্যতে এজন সুনাগৰিক হব ।
        কোমল চেকনি এডাল যিটো ফালে ভাজ দিয়ে , সেইটো ফালেই ভাঁজ খায় , ঠিক তেনেদৰে আপোনাৰ লৰা বা ছোৱালীজনীকো কোনফালে ভাঁজ দিয়ে সেইটো আপোনাৰ ইচ্ছা , 
কিন্তু গুৰুত্ব দিব , সেই ভাঁজটো জাটে সঠিক হয় ।
   যিহেতু বৰ্তমান সকলো লৰা ছোৱালীৰ হাতত স্মাৰ্ট ফোন আছেই গতিকে এতিয়া মই আৰু কি কম , এটাই আশা কৰিছোঁ যাতে
সকলো লৰা ছোৱালীৰ হাতত থকা স্মাৰ্টফোনটোৰ দৰেই সকলো স্মাৰ্ট হয় ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)