আৰক্ষীৰ জীৱনৰ দুখৰ কাহিনী,
নিজ কৰ্তব্যত ব্যস্ত থাকি
পৰিয়ালৰ পৰা থাকে আতঁৰি।
উৎসৱ পূজাত পৰিয়ালৰ সৈতে মিলি
সকলোৱে থাকে ফূৰ্তি কৰি,
আৰক্ষীয়ে কৰ্তব্যৰ কথা ভাবি
থাকে এই সকলোবোৰ এৰি।
সময়ত অনাহাৰে উজাগৰে থাকি
সমাজক ৰাখে সুৰক্ষিত কৰি,
একোটা সুস্থ পৰিবেশ সৃষ্টি কৰি
ৰাখে আৰক্ষীয়ে শান্তি-শৃংখলা ধৰি।
বতাহ বৰষুণ কথা নাভাবি
যায় আগবাঢ়ি কৰ্তব্যলৈ বুলি,
দিন ৰাতিৰ কথা নাভাবি
লয় সকলো দায়িত্ব কান্ধত তুলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ