তেওঁ যোৱাৰ পথত -বিটুমনী কোচ

©Admin
0
তেওঁ যোৱাৰ পথত
দোঁ খাই থকা দুখটোৱে
মোৰ হৃদয় সুৰংগত হৰ্ণ বজাইছিল।
এক মিনিট, দুই মিনিট, বহু মিনিট।
তেওঁৰ অসুখীয়া মনটোৰ অসুখৰ
বতৰা পায়, মইও অসুখী হৈ পৰিছিলোঁ।
বাস্তৱ হৈও অবাস্তৱ ৰুঢ় হৈও কোমল
তেওঁকলৈ মোৰ সপোন তাহানিৰেই।
অজানিতেই ভালপোৱাই শিপাইছিল
মোৰ বুকুৰ মাজত।
এডৰা সেউজীয়া ঘাঁহনি হৈ
হেঁপাহৰ বীজবোৰ সিঁচিব বিচাৰিছিলোঁ।
তেওঁৰ বুকুৰ মাজত।
সপোনবোৰো গুঠিব বিছাৰিছিলোঁ
এটি এটিকৈ।
মোৰ সহৃদয়তাৰ বাতৰি তেওঁ
জোন গলা নিশাবোৰক জানিব
দিয়া নাছিল।
দুচকুৰ চকুলোঁবোৰ তেওঁৰ আবেগিক হৈ পৰিছিল।
বাগৰি আহিছিল দুগাল তিয়াই।
 তেওঁৰ বুকুৰ মাজৰ নিৰৱ বিননিত
মুগ্ধ হৈছিল মোৰ মন।
সেয়েহে তেওঁৰ যাত্ৰাৰ পথত
মইও একাকাৰ হৈ হেঁৰাই গৈছিলোঁ।

✍️বিটুমনী কোচ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)