অভাৱে আৱৰি ৰখা ঘৰখন চাই যাবাহি।
এদিন আহিলে হয়তো আৰু পুনৰ
এই অভাৱী ঘৰলৈ নাহোঁ নাহোঁ লাগিব কিজানি !
কিয়নো ইমানেই অভাৱী যে বহিব দিবলৈ ঠাই অকণ নাই ; হয়তো সেইবাবেই....।
সৰুৰে পৰা ডাঙৰ হ'লোহি মন - পছন্দৰ বুলি একোৱেই লৈ নাপালোঁ ।
কাৰণ অভাৱ ; সেইবাবেই আমিও ঠেহ পতা নাছিলোঁ।
বুজিছিলোঁ অভাৱ কি , জীৱন কি বুজি উঠিছিলোঁ।
মা - দেউতাক অকণমান সুখত ৰাখিবলৈ মন যায়;
মন যায় ঘৰখনৰ বাবে কিবা এটা কৰাৰ,
কিন্তু কৰিম নো কি ?
অভাৱেই দেখোন আমাৰ দৰে মানুহৰ লগ নেৰাই হ'ল ;
আমি য'লৈকে যাওঁ ত'লৈকে
অভাৱ ! কেৱল অভাৱ ।
অভাৱবোৰে আমাৰ লগে লগে ঘূৰি ফুৰা হ'ল।
ভগৱানেই পঠালে অভাৱী কৰি
এতিয়ানো আমি কৰিম কি !
সকলোতো তেওঁৰেই মৰ্জী।
এই অভৱবোৰ মোৰ বাবে আশা ,
জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা,
জীৱনৰ শিক্ষা।
অভাৱৰ বাবে আজিকালি অভিমানবোৰো বেছি হৈ পৰিছে ।
অভাৱবোৰ চিনি পোৱাৰ বাবেই হয়তো হেঁপাহ সুখ এইবোৰক লৈও যেন
আজিকালি প্ৰয়োজনতকৈ বেছিয়ে স্বাৰ্থপৰ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ