উৎসাহ আৰু সমালোচনা -মানস প্ৰতীম মালী

©Admin
0
দিনটো কষ্ট কৰি নিজৰ ঘৰখন চলাবলৈ টকা উপাৰ্জন কৰা লৰাজনক উৎসাহ দিবলৈ আমাৰ সময়ৰ অভাৱ হয় , কিন্তু এনেই ধিতিঙালি কৰি দেউতাকৰ টকাৰে দামী গাড়ী কিনি লগৰ লৰাৰ সৈতে দিনৰ দিনটো ঘুৰি ফুৰা লৰাজনক সমালোচনা কৰা মানুহৰ সংখ্যা বহুত বেছি ।
কিয় ? ভাল কাম , সৎ পথত থাকি মানুহে সৰু বুলি ভবা কাম কৰা লৰাজনক উৎসাহ দিব আমি কিয় তান পাওঁ ।
বাইক , স্কুটি ডাঙি ভিডিঅ' বনাইছে , সেইটো ফেচবুকত ভাইৰেল , আনকি নিউজ চেনেলটো সেই ভিডিঅ ।
এচাম মানুহে মাথোঁ জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰে , ভাল কাম কৰিয়েই হওক বা সেইয়া লাগিলে আন মানুহৰ সমালোচনাৰ পাত্ৰ হৈয়েই হওক ।
    আমি কিয় ভাল কামৰ আদৰ কৰিব নাজানো ?
ভাল , সৎ কাম কৰা লৰাজনক সাহস দিব আমি কিয় নোৱাৰোঁ ?
          যদি আন মানুহৰ সমালোচিত হৈ কোনোবাই জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে , তেন্তে এনেকৈয়েই সকলোৱেই জনপ্ৰিয়তা অৰ্জন কৰিব চেষ্টা কৰিব , 
কিন্তু মনত ৰাখিব এই জনপ্ৰিয়তা ক্ষন্তেকীয়া ।
         এইবোৰ বাদ দি , আমি ভাল কাম , সৎ পথত থাকি কাম কৰা মানুহজনক উৎসাহ দিব নোৱাৰোনে , যি উৎসাহেৰে উৎসাহিত হৈ তেওঁ জীৱন পথত আগুৱাই যাবলৈ সাহস পাব , লগতে নৱপ্ৰজন্ম ও সৎ পথত থাকি সমাজখনৰ  বাবে ভাল ভাল কৰিবলৈ উৎসাহিত লগতে অনুপ্ৰাণিত হব ।।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)