নিজেই সদৰ্পে ঘোষণা কৰে
মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ।
গোটেই পৃথিৱী পাত পাত কৰি চালোঁ
মানুহ নামৰ সৰ্বশ্ৰেষ্ঠ জীৱটি
কিন্তু কতো বিচাৰি নেপালোঁ।
চাৰিওফালে বিচৰণ কৰি আছে মাথোঁ
মানুহ দুইঠেঙীয়া জন্তু ;
একো একোজন মুখাপিন্ধা অভিনেতা!
সমাজত অনবৰত চলি থাকে
বিষাক্ত সাপ আৰু বাজীকৰৰ খেলা ।
নিৰীহ ,অবলা দেখিলেই
বিষাক্ত সাপে ফণা তুলি দংশন কৰে,
বাজীকৰৰ মন্ত্ৰ-মুগ্ধ বাঁহীৰ সুৰত
লেওসেও হৈ গাঁতত সোমায়।
কাউৰীয়ো কুলিৰ ভাও জোৰে,
মৰমৰ চুমা যাঁচিম বুলি
জোক আৰু কুমজেলেকুৱাই গাত লিপিত খাই ধৰে
চাৰিওফালে বিচৰণ কৰি আছে
মানুহ দুইঠেঙীয়া জন্তু ;
একো একোজন মুখাপিন্ধা অভিনেতা!
নীলা শিয়ালৰ দলে মথাউৰি বান্ধে,
মথাউৰি ভাঙে ; ধনৰ পাহাৰ গঢ়ি তোলে।
সন্ধিয়া পৰত জিজি পোকে জি জি কৰে,
গছৰ খোৰঙত ফেঁচাৰ কুৰুলি ,নিঁউতিৰ নিউ নিউ।
গভীৰ ৰাতিৰ নিস্তব্ধতা ভাঙি
নামি আহে অসহায় নাৰীৰ কৰুণ আৰ্তনাদ!
মুখপোৰা দুষ্ট বান্দৰৰ নখৰ আঁচোৰত
শিশুহঁতৰ যৌনাঙ্গ হয় ক্ষত-বিক্ষত !
কুকৰে ভেউভেউ কৰে,ফেউৰায় গৰ্জি মাটি কঁপায়।
এতিয়া আৰু ৰাতি নুপুৱায়
মছজিদৰ পৱিত্ৰ আযান বা মন্দিৰৰ শঙ্খ-ঘন্টাত
ৰাতিপুৱাই বোমা বিস্ফোৰণ আৰু
বন্দুকৰ গুৰুম গুৰুম বিকট শব্দত
চোতালে চোতালে তেজৰ নৈ বয় !
শাস্ত্ৰৰ বচন ৰচি
নিজেই সদৰ্পে ঘোষণা কৰে
মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ।
অথচ!
চাৰিওফালে বিচৰণ কৰি আছে
মানুহ দুইঠেঙীয়া জন্তু ;
একো একোজন মুখাপিন্ধা অভিনেতা!!
✍️নাছিৰ আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ