হৃদয়হীনা বিষকন্যা-অনন্ত কুমাৰ ভূঞা

©Admin
0
স্পৰ্শহীন মই এক মায়াবী স্বপ্ন
হৃদয়হীনা বিষকণ্যা 
উৰুখা পঁ‌জাৰ ৰখীয়া
নাপালোঁ সময় ধুৱলৈ গাতলগা চেকা
নঘটে মোৰ হিয়াত মমতাৰ উন্মেষ
নিষ্ঠুৰতাৰ জীয়া স্বপ্নৰ পালিতা 
মই এজনী দেহোপজীৱিনী
পাশৱিকতাই চুঁ‌ই গৈছে শৰীৰ
সময় পাৰ হৈছে বন্ধ কোঠাত
নগ্নতাৰ বেশভূষা পিন্ধিছোঁ‌ 
আন্ধাৰ প্ৰিয় হৈ পৰিল মোৰ জীৱনত
ফেঁ‌হুজালি দিওঁ‌তে  শুই পৰো মই
ওজৰ আপত্তিৰ মেল নাপাতো
মৰ্মান্তিক বেদনাৰ জুইত গলিছোঁ‌ 
উন্মাদ নিশাৰ যৌৱন তন্ময়া
নিৰ্ভয়ে আহে কামাতুৰ পুৰুষ
শৃংগাৰ ৰস বৈ যায় সেই শৰীৰত
বিবাদৰে দৰদাম নকৰো
প্ৰতিশোধৰ কামনাত দগ্ধ মই 
লালিত পালিত উন্মাদ অভিসাৰিকা
চঞ্চল যৌৱনৰ কামনা মূৰ্তিমান
মই স্পৰ্শহীন মায়াবী স্বপ্নৰ বিষকন্যা 
সেইদিনা 
তোমাৰ ঠিকনা বিচাৰি নাপালোঁ
সেই বাবে আজিও দুখ লাগে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)