ৰ'দৰ প্ৰখৰত জিলিকি থকা সেই মোৰ শাওণৰ পথাৰ বোৰ!!
পথাৰত ৰোৱনিৰ এপল ও মূৰ দাঙি চাবলৈ সময় নাই
মাথোঁ আছে ভূঁই ৰোৱা।
গছি গছি কঠিয়াৰ বোলোৱাহে সময়,
নাই কোনো দুখ-সুখৰ কথা পাতিব সময়!!
হালোৱাৰ কপালৰ ঘাম মাটিত পেলাই সোণৰ পুলি ৰোৱে,
ৰোৱনীয়ে বছৰ জোৰাই খাম বুলি।
কি সুমধুৰ এই শাওণৰ পথাৰ খনিত
ব্যস্ত মাথোঁ চৌদিশে ভূঁই ৰোৱাই,
ভূঁই ৰোৱা
কঠিয়া তুলাই,
কঠিয়া তুলিব
মাথোঁ কাম আৰু কাম
কাকো চাবলৈ সময় নাই!!!
শাওণৰ সুবাস কৃষকৰ শুৱনি
কেঁচা মাটিৰ গোন্ধে ,সোণৰ গোন্ধ দিয়ে
কৃষকৰ ভৰে সুখেৰে
এয়ে মোৰ শাওণৰ সুবাস
এয়ে মোৰ সোনালি ধাননিৰ মন।।
⭕শ্ৰী মিন্টু গোৱলা, লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ