সদায় মাথোঁ গৰম।
ক'ৰবাত যদি ৩৬ ডিগ্ৰী চেলচিয়াছ ;
ক'ৰবাত আকৌ ৪০ ডিগ্ৰী চেলচিয়াছ ।
দিনক দিনে বাঢ়ি গৈছে
ৰ'দৰ উত্তাপ ।
চাৰিও ফালে গৰম ;
কেৱল গৰম ।
উৎকট গৰমৰ বাবে
ক'ৰবাত যদি মানুহ মৰিছে
ক'ৰবাত আকৌ চিকিৎসাধীন হৈ আছে একাংশ মুৰুখ মানৱে আকৌ
গৰমৰ বাবে ভগৱানকে দোষী সজাইছে ।
হেৰৌ! জিৱশ্ৰেষ্ঠ মুৰুখ মানৱ
ভাবিনো নোচোৱা কিয়!
এই গৰমৰ বাবে প্ৰকৃত দোষী নো কোন ?
এজোপা কাটিলে গছ , দহজোপা ৰুবলৈ
জ্ঞানী লোকে কয় ।
তহঁতৰ দৰে মানুহে আকৌ
গছবোৰ কাটি নি:শেষ কৰিব ধৰিছ ।
জীৱশ্ৰেষ্ঠ মানৱ জাতি হৈও তহঁত
পশুতকৈ অধম হৈ ঘূৰি ফুৰিছ
এই ত্ৰিভূবনত।
হেৰা ! ভাইহঁত কওঁ শুনা মই
গছ - বন নাকাটি
ৰোপন কৰিবলৈ শিকা।
ভৱিষ্যত প্ৰজন্মৰ বাবে এখন
সুন্দৰ সমাজ গঢ়া ।
গছ - বন থাকিলেহে ৰ'দৰ উত্তাপ কমিব।
সকলো ঠাইতে শান্তিৰে বিৰাজমান হ'ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ