শত শ্ৰদ্ধাৰে জনালোঁ আজি আপোনাক প্ৰণাম।
১৯০৯ চনৰ ৩১ জানুৱাৰী ঢাকাত,
জন্ম হৈ পৃথিৱীলৈ নামি আহিছিলা।
আপোনাৰ মাতৃ আছিল গেঠি ৰাভা,
পিতৃ আছিল গোপাল ৰাভা।
মই সৰুৰে পৰাই আপোনাক জানিলোঁ 'কলাগুৰু' নামেৰে,
আপোনাৰ আছে সৃষ্টিশীল প্ৰতিভাসম্পন্ন তীক্ষ্ণ-বুদ্ধি।
আপুনি একাধাৰে সুনিপুণ নৃত্য- শিল্পী,বাদ্য-শিল্পী, সুগায়ক,
খেলুৱৈ,সুদক্ষ অভিনেতা,নিবন্ধকাৰ,গীতিকাৰ, নাট্যকাৰ, চিত্ৰকাৰ ইত্যাদি।
আপুনিই গৌৰৱ অসমৰ অসমীয়া,
কাৰো অন্যায় নকৰাকৈ সকলো ৰচিলা।
হঠাতেই,
আপুনি ১৯৬৯ চনৰ ২০ জুন অকালতে,
আমাক কন্দুৱাই পৰলোকলৈ গমন কৰিলা।
আজিও ২০ জুন 'ৰাভা দিৱস' নামেৰে,
পালন কৰোঁ মৰমশ্ৰদ্ধা অলেখ অযুতেৰে।
চিৰকাল জনতাৰ মুখে মুখে বাজি থাকিব,
' কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা' আপোনাৰ ঝংকাৰে।
চন্দ্ৰ,সূৰ্য থকালৈকে আমি সোঁৱৰিম আপোনাক
জীয়াই থকা আপুনি জীয়াই থকা
মৰিও অমৰ হৈ জীয়াই থকা,
আজি আপোনাক জনাওঁ সহস্ৰ কোটি প্ৰণাম।
✍️ শিল্পী দাস
ভালুকমাৰী,নগাঁও
ৰচনাকাল:-১৮-০৬-২০২২
****************************
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ