এখন সৰু পান দোকান আছে মোৰ। মোৰ দোকানখনৰ ওচৰতে এজন চাৰ থাকে। আৰু তাত টিউশ্যন কৰিবলৈ আহে বহু কলেজৰ লৰা ছোৱালী।
গীতাৱলীও তাত টিউশ্যন কৰিব আহিছিল।
তাই গম পোৱা নাছিল কিন্তু মনে মনে তাইক মই ভাল পাইছিলোঁ।
অবিশ্যে তাই মোৰ দোকানত আহি বহিছিল কেতিয়াবা।
আজিও আহিছে,
- বহোনে ইয়াত?
- অ গীতাৱলী, ব'হা।
- ভালে আছা?
- ওম। টিওশ্যনৰ সময় হোৱা নাই নেকি?
- নাই আগতে আহি গলোঁ।
- তুমি সদায় সোনকালে আহা দেখোঁন।
- ঘৰত থাকি আমনি লাগে, সেইকাৰণে ওলাই আহো সোনকালে। আৰু তোমাৰ দোকানত ৰৈ থাকিও ভাল লাগে যে।
মনে মনে ফুৰ্টি লাগি যোৱা কথাবোৰ কিয় যে কয় তাই? তেনেকে ক'লে এনে লাগে যেন তাই মোৰ লগত সময় কটাই ভাল পাই।
সদায় এনেকৈ গীতাৱলী আহি মোৰ দোকানত বহা আৰু মনে মনে মোৰ তাইৰ লগত সময় কটাই ভাল লাগি থকা কাহিনী চলি আছিল ভালদৰেই।
আজি এজন ল'ৰা আহি মোৰ দোকানত বহি আছে। বহু সময় বহি থকা দেখি মই শুধিলো,
- কোনোৱা আহিব লগিয়া আছে নেকি?
- অহ মোৰ গাৰ্লফ্ৰেণ্ডজনী ইয়াতে টিউশ্যন কৰে তাইলৈ বাট চাই আছোঁ।
- অহ আচ্ছা।
সি ৰৈ থাকোঁতে গীতাৱলীয়ে আহি লৰাজনক মাত লগালে,
- তুমি ইয়াত?
- ওম।
- কিয়?
- তোমালৈ ৰৈ আছোঁ।
- হয় নেকি?
- ওম, কথা এটা আছে।
- কি?
- বলা এঠাইলৈ যাওঁ।
- কলৈ?
- আজি তোমাক মৰম কৰিব মন গৈছে।
- ধেৎ।
- ধেমালী কৰা নাই।
- এইবোৰ আকৌ…
- কিয় মোক ভাল নোপোৱা নেকি তুমি?
- ভাল পাওঁ কিন্তু তুমি যি বিচাৰিছা এইবোৰ কৰিব মন নাই।
- আৰে ব'লা না?
- নাযাওঁ মই।
সিহঁতে কিছু সময় কথাত লাগি থাকিল। আৰু তাৰ পিছত দুয়ো গুচি গ'ল একেলগে। কলৈ গল, কিয় গ'ল সেয়া মই নাজানোঁ।
কিন্তু মই বহুত বেছিকৈ দুখত পৰিলোঁ তাইৰ বয়ফ্ৰণ্ড থকা বুলি গম পাই। কাৰণ মই যে মনে মনে ভাল পাইছিলোঁ তাইক। অ অবিশ্যে মই এজন সাধাৰণ পান দোকানী কাৰনে মই তাইক পোৱাৰ যোগ্যতা মোৰ নাই বুলি জানিছিলোঁ।
হয়টো সেইকাৰনে নিজকে চম্ভালি ল'লোঁ কোনোমতে।
তাৰ পিচটো গীতাৱলী আহি মোৰ দোকানত বহি থাকে আৰু মোৰ লগত কথা পাতি থাকে।
কিন্তু আজি ৪ দিন মান হল তাই মোৰ দোকানটো অহা নাই আৰু টিউশ্যনতো অহা নাই।
কি হল তাইৰ জানিব মন আছিল কাৰণে তাইৰ লগতে টিউশ্যন কৰা ল'ৰা এজনে মোৰ দোকানত আহোঁতে তাক শুধিলোঁ,
- হেৰি… গীতাৱলীক দেখা নাই কেইদিনমান ধৰি। টিউশ্যনত অহা নাই নেকি তাই?
- নাই অহা।
- কিয়?
- কেনেকৈ আহিব। মানুহৰ সন্মুখত ওলাব নোৱাৰা হৈছে যে তাই।
- কিয়, কি হৈছে?
- তাইৰ ভিডিঅ এটা ভাইৰেল হৈছে…
- ভিডিঅ…?
- ওম, বয়ফ্ৰেণ্ডৰ লগত ………… ভিডিয়। কলংকিত হৈ পৰিছে তাই।
মন একেবাৰে সেমেকি পৰিল। কি হৈ গ'ল এইবোৰ। ভাবি ভাবি গোটেই ৰাটি টুপনি নাহিল। বিচনাৰ পৰা উঠি এনেই ওলাই গলোঁ।
প্ৰায় ৰাতি পুৱাও পুৱাও সময়। এন্ধাৰ চাৰিওপিনে। মই অনাই বনাই ঘুৰি ফুৰিছো এন্ধাৰতে। মনটো যে ভাল লগা নাই।
এটা বন্ধ গোডাউনৰ সন্মুখত আহি বহিলোঁ। চকু কেইটা তিতি আছিল মোৰ। তেতিয়া গোডাউনৰ ভিতৰত কিবা ওলট পালট হৈ থকাৰ শব্দ শুনিলোঁ।
বন্ধ গোডাউনত কিহৰ শব্দ বুলি চাবলৈ গৈ দেখিলোঁ,
গীতাৱলীয়ে আত্মহত্যা কৰিবলৈ সাজোঁ হৈছে।
চিঞৰি উঠিলো মই,
- গীতাৱলী…
- তুমি ইয়াত… এই সময়ত?
- তুমি কি কৰিব ওলাইছা?
- মুক্তি পাব বিচাৰিছোঁ।
- কিহৰ পৰা?
- কলংকিত বদনামৰ পৰা।
- পাগল হৈছা নেকি? এয়া সমাধান নেকি?
- বেলেগ একো সমাধান নাই যে?
- কিয় নাথাকিব?
- নাই অ, একো সমাধান নাই।
- চোৱা… মই গম পাইছোঁ বাৰু কথাবোৰ।
- ভবাই নাছিলো এনেকোৱা কিবা হৈ যাব বুলি। সি যে মোৰ লগত এনেকোৱা কৰিব কেতিয়াও জনা নাছিলোঁ।
- যি হল হৈ গল। এতিয়া তাক কোৱা তোমাক বিয়া কৰাবলৈ। সকলো সমাধান হৈ যাব।
- সি মোক বিয়া নকৰাই।
তাইক কিবা কিবি বুজালোঁ। কিন্তু তাই একো বুজিবলৈ সাজোঁ নাছিল। তাই মাত্ৰ আত্মহত্যাকেই সমাধান বুলি ভাবি লৈ মোক ক'লে,
- তুমি যোৱা ইয়াৰ পৰা।
- তোমাক এৰি থৈ?
- ওম, মোকো যাব দিয়া।
- এটা কথা কওঁ?
- কি…
- মই তোমাক ভাল পাওঁ।
- এতিয়া আৰু মোক ভাল পাই লাভ নাই। মোৰ লগতে তোমাৰো জীৱন বৰবাদ হৈ যাব।
- মই তোমাক বিয়া কৰাব বিচাৰো। পিছত যি হয় হ'ৱ।
- মই এতিয়া কলংকিত।
- মোৰ কাৰণে সেইবোৰ কথা দৰকাৰী নহয়।
- কিন্তু…
- তুমি বিচাৰাবোৰ হয়টো তোমাক দিব নোৱাৰিব পাৰো। কিন্তু তোমাক সুখৰ হাহি এটি দিব পাৰিম। বিয়া হবা নে মোৰ লগত?
তাই নিজকে কলংকিত বুলি কয় কান্দি থাকিল আৰু মই তাইক আপোন কৰাৰ প্ৰস্তাৱ দি থাকিলো।
এন্ধাৰ আতৰি পোহৰ হ'ল আহি।
তাইক বহুত বুজোৱাৰ পিছত তাই মানি ল'লে মোৰ কথা।
মই জানোঁ তাইক বিয়া কৰালে মোক বহুতে বহুত কথা শুনাব। কিন্তু সেইবোৰ মই খাতিৰ কৰা নাই। কাৰণ তাইক ভাল পায়োঁ মই তাইক পোৱাটো অসম্ভৱ আছিল কিন্তু এতিয়া সেই অসম্ভবো সম্ভব হৈ পৰিল।
মোৰ মতে মোৰ প্ৰেম সফল হোৱাৰ কাৰণ হৈ পৰিল তাইৰ কলংক।
বহুত ভাল লিখিছে। সচৰাচৰ ঘটি থকা ঘটনা।
ReplyDelete