ভাটৌ পৰি খায়,
দেউতাই পোহা মইনা চৰাই
উৰি গুচি যায়।
মাক-দেউতাকে সৰুৰে পৰা অশেষ কষ্ট কৰি ডাঙৰ দীঘল কৰা ছোৱালীজনীক বিয়া দি অন্য এখন ঘৰলৈ উলিয়াই দিয়াৰ সময়ত মাকতকৈ বেছি দেউতাকৰ মন ভাৰাক্ৰান্ত হৈ উঠে। দেউতাকে কোনো কষ্ট নোপোৱাকৈ নিজৰ ছোৱালীজনীক পৃথিৱীৰ সকলোবোৰ সুখ দিয়ে। নিজে নাখায় মাকে সন্তানক খুৱাই আৰু দেউতাকে সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ হাজাৰ দুখ-কষ্ট বুকুত বান্ধি ৰাখে। বিয়া দিয়াৰ পিছত সেই ছোৱালীজনীৰ জীৱন সংগীয়েই হওঁক কিম্বা পৰিয়ালৰ লোকেই হওঁক প্ৰতিদিনেই কামবোৰৰ পৰা ইয়াকেই প্ৰতিপন্ন কৰোৱাবলৈ চাই যে এইখন তাইৰ নিজৰ ঘৰ নহয় য'ত তাই ছোৱালীৰ দৰে জীৱন অতিবাহিত কৰিব পাৰে। বোৱাৰীৰ দৃষ্টিৰে চোৱাৰ মানসিকতা সাম্প্ৰতিক সময়ত পৰিৱৰ্তন হৈছে যদিও বহুতো সমাজত দেখা যায় যে বোৱাৰীক ছোৱালী হিচাপে জীয়াই থাকিবলৈ দিয়াৰ পক্ষপাতী নহয়।
এতিয়া আহো, প্ৰিয় নাৰী আৰু প্ৰিয় পুৰুষৰ প্ৰসংগলৈ! এগৰাকী বিবাহিতা মহিলাক যদি সোধা হয় যে তোমাৰ জীৱনৰ প্ৰিয় পুৰুষজন কোন? তেওঁ একো নভবাকৈয়ে উত্তৰত স্বামীৰ কথাই ক'ব। ২৫-২৬ বছৰ বয়সলৈকে কোনো কষ্ট হবলৈ নিদিয়াকৈ দেউতাকে জন্মৰ পৰা লোৱা যত্নৰ পৰা মহিলাৰ জীৱনৰ প্ৰিয় পুৰুষ হিচাপে পিতৃৰ স্থানেই প্ৰথম যদিও আজীৱন যত্ন আৰু মৰম, ভালপোৱাবোৰ দি আঁকোৱালি লোৱাৰ বাবেই স্বামীয়েই দেৱতাৰ সমান বুলি ৃগণ্য কৰা হয়। কিন্তু যেতিয়াই এজন বিবাহিত পুৰুষক "তোমাৰ জীৱনৰ প্ৰিয় নাৰী কোন?" বুলি সোধা হয় তেওঁৰ উত্তৰ হয়-"মা"। মই বিতৰ্ক কৰিবলৈ যোৱা নাই। কিন্তু কিছুমান সমালোচনা গঠনমূলক হলে সকলোৱে গ্ৰহণ কৰে।"মা" প্ৰিয় নাৰী হিচাপে সদায়েই থাকিব। মমতাৰে পৰিপূৰ্ণ মা নিজৰ স্থানত সদায়েই পূজনীয়া। কিন্তু তাৰ পিছতো পুৰুষজনে "মা","বাইদেউ","ভন্টি" হঁতৰ নাম উল্লেখ কৰে কিন্তু পত্নীৰ ত্যাগ,ভালপোৱা,মৰম বোৰ বুজিও পত্নীৰ নাম নলয়। তেনেহলে পত্নী কি প্ৰিয় নাৰী হবলৈ নোৱাৰে নেকি? উত্তৰ আহে,"মাতৃয়ে জন্ম দিছে সেইবাবেই পৃথিৱী দেখিছে, মাৰ পিছতেই বাইদেউৰ স্থান যিয়ে মাৰ দৰে যত্ন লৈছে" আদিবোৰ।
এগৰাকী পত্নীয়ে জন্মগত ঘৰখন এৰি স্বামীৰ ঘৰত আহি পূৰ্বৰ স্বাধীনচিতিয়া জীৱন ত্যাগ কৰি স্বামী আৰু স্বামীৰ ঘৰৰ অন্য সদস্যৰ মতে চলে। নিজৰ ৰুচি-অভিৰুচি, পছন্দ-অপচন্দৰ চাহিদা নাৰাখি স্বামীৰ সুখত সুখী হবলৈ চেষ্টা কৰে। কি তেতিয়া স্বামীৰ মনত পত্নী গৰাকী প্ৰিয় হব নোৱাৰে নেকি?
এগৰাকী পত্নীয়ে স্বামীৰ বেমাৰত উজাগৰে থাকি মাকৰ দৰেই যত্ন লয় তেতিয়াও প্ৰিয় হব নোৱাৰে কিয়? উপাৰ্জনৰ পথ যিয়েই নহওঁক কিয় দুখে ভাগৰে ঘৰলৈ অহাৰ পিছত মাকৰ দৰেই খোৱা বোৱাৰ যত্ন লোৱাৰ পিছতো পত্নী গৰাকী স্বামীৰ মনত প্ৰিয় নাৰী হব নোৱাৰে কিয়?
এগৰাকী পত্নীৰ বাবেই স্বামীয়ে পিতৃ হোৱাৰ সুখ সৌভাগ্যকন লাভ কৰে। প্ৰসৱ যন্ত্ৰণাৰ বেদনা সহি আনকি মৃত্যুৰ গৰাহত পৰাৰ আগতো সন্তান সুখৰ অধিকাৰী কৰা দেখা যায়। তথাপিও কিয় প্ৰিয় নাৰীৰ কথা সোধোতে জন্মদাত্ৰী "মা"ৰ সমানে নিজ পত্নীক প্ৰিয় বুলিব নোৱাৰে!
ইমান খিনি কৰাৰ পিছতো পত্নীগৰাকী প্ৰিয় নাৰী হব নোৱাৰে কিয়? কিহে বাধা দিয়ে?
আকৌ কৈছোঁ পুৰুষৰ চকুত মাতৃ সদায়েই প্ৰিয় হয় সেইয়া বাৰু প্ৰশংসাৰ পাত্ৰ। পত্নীকো ভালপাই সেইয়াও প্রশংসনীয়। কিন্তু মাতৃ গৰাকীয়ে কাম বন কৰি কষ্ট কৰি থাকোতে এজন সন্তানৰ কৰ্তব্য হিচাপে মাকৰ হাতত পানী এগিলাছ তুলি দিয়ে যেনেকৈ তেনেকৈ পানী এগিলাচ পত্নী গৰাকীয়ে জানো কাম বন কৰি থাকোতে স্বামীয়ে যাচে? আচলতে চকলেট কিম্বা দামী উপহাৰেৰে পত্নীক দুখ কষ্ট অনুভৱ কৰিবলৈ নিদিয়া কামতকৈ সকলোৰে সন্মুখত কষ্টৰে কাম কৰি থকা পত্নীক "আহা! আৰাম কৰাহি।", "লোৱা, পানী এগিলাচ খোৱা" বুলি কব নোৱাৰেনে বাৰু? বিয়াৰ আগত মাতৃক পাকঘৰত সহায় কৰি দিয়াত যদি একো আপত্তি নাই তেন্তে বিয়াৰ পিছত পত্নীক সহায় কৰাত সমস্যা ক'ত? সেয়েহে আমি যিমানেই নকওঁ কিয় শিক্ষিত বুলি তথাপিও কৰবাত, কোনোবাখিনিত চিন্তাবোৰত আউল লাগে কাৰণ আমি এতিয়াও ঠেক ও সংকীৰ্ণ মনোভাৱ লৈয়েই থাকোঁ।
- বন্তী দত্ত।
তামুলীপথাৰ, গোলাঘাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ