অভিসাৰিকা মই
জীৱন বন্দী ৰঙীন স্বপ্ন নগৰীত
এপিয়লা সুৰাৰ ৰাগিত
পাহৰিছোঁ এৰি অহা জীৱন ।
তুমি নোহোৱা জানো লম্পট
কামদেৱ হিচাবে স্থান প্ৰথম শাৰীত
অহাযোৱা কৰা নিশাৰ আন্ধাৰত
বিচাৰি আহা
অভিসাৰিকাৰ নঙঠা শৰীৰ।
বন্ধ গলিত কটাইছোঁ জীৱন
এদিনো সোধা নাই
জীৱন কাহিনী আমাৰ
দাবী জনোৱা নাই সংস্থাপনৰ
লেতেৰা গলিৰ অভিসাৰিকাৰ ।
তুমি দিনৰ পোহৰত অভিজাত পুৰুষ
নিশাৰ আন্ধাৰত কামনা মধুৰ
অৰ্জ্জিত ক'লা ধনেৰে
দৰদাম চলোৱা আমাৰ কামনাত
প্ৰথম নিশাৰ নষ্ট পুৰুষ
লেতেৰা হয় শৰীৰ অভিসাৰত।
সমাজ তোমাৰ
অভিজাত পুৰুষ তুমি
বক্ৰ পথেৰে আৰ্জ্জিত পুজি
দলিয়াই দিছা দৰদাম কৰি ।
অভিসাৰিকা আমি
তুমি সমাজ বন্ধকত লৈছা
সকলোৱে জানে
সেই বাবে তুমি লেতেৰা নোহোৱা।
সুখৰ আধাৰ বিচাৰি আহা
নিশাৰ আন্ধাৰত
উগ্ৰ প্ৰসাধনৰ গোন্ধত
দুৰ্গন্ধৰ গোন্ধত সুগন্ধি বিচাৰি পোৱা
সমাজ স্খলিত তুমিয়ে কৰা
তথাপিও তুমি অভিজাত সমাজৰ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ