এটি অনুভৱ- মানস জান শইকীয়া

©Admin
0

কেতিয়াবা সাগৰক সুধিছানে?
তাৰ অনুভৱৰ কথা
তাৰো যে পিয়াহ লাগে,
যুগ যুগান্তৰে আঁতৰ হোৱা নাই তৃষ্ণা।
কেতিয়াবা আকাশক সুধিছানে?
কঠোৰ গৰমৰ কথা
কিমান যে গৰম লাগে,
সূৰ্যৰ বহুত উত্তাপৰ গ্ৰীষ্ম দিনা।
ফুলৰ পৰি যোৱা পাহিক সুধা
সৰি পৰা দিনা চুপহিৰ পৰা,
কিমান যে দুখ তাৰ
দীৰ্ঘদিন জীয়াই থকাৰ কতযে আশা।
দুখীয়া আৰ্তজনক সুধিবা
টকাৰ মূল্য কি?
কিমানযে চিন্তা প্ৰতিদিন
জীৱনৰ অভাৱখিনি দুৰ কৰাত।
তেনেদৰে অশেষ দুখ থকা জনেহে জানে
সুখৰ প্ৰয়োজন কিমানযে বেছি;
অজানিতে হৈ যোৱা দুখৰ বাবে যে
সুখ বিচাৰি কিমান হাবাথুৰি,
নাশ হয় জীয়াই থকাৰ অনুভৱ।
               মানস জান শইকীয়া
 ৰঙামাটি চেউনী গাওঁ ,বাদুলিপাৰ 
                     গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)