মই বহু মায়াৱী ••ৰুম্পী দাস

Sibani Baruah
0
আজি উদাস মন
গভীৰ হ'বলৈ ধৰিছে ,
চঞ্চল হৃদয়ো বহু নিৰৱ ।
মনৰ কথা মনতেই থমকি আছে ,
বুজাব পৰা নাই ...
বুজাবলৈ চেষ্টা কৰিছোঁ নে নাই ;
সেয়াও নাজানো ।
জীৱনত আগলৈ আগুৱাই যোৱাৰ 
কথা ভাৱি জীয়াবলৈ ভাল লাগে !
মই বহু মায়াবী ,
মায়াৰ সাগৰত বন্দী ; 
হৃদয়খন সহজ-সৰল 
কিন্তু লোভী নহয় ।
 যাক এবাৰ মনত কৰোঁ 
স্বচেষ্টাৰে সদায় ,
নিস্বাৰ্থে ভালপোৱাৰে মোঁহাৰি ৰাখোঁ ।

✍️ৰুম্পী দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)