অবুজ মনৰ ভাব ৰাশিয়ে;
মনত জাগ্ৰত হয় শংকা,
কেতিয়ানো বুজি পাব...
এই মায়াময় পৃথিৱীৰ
অপূৰ্ব লীলা।
দিন বাগৰি ক্ষণ পাব
শংকাৰ অগ্নিয়ে হৃদয়খন
দহি-দহি ছায় কৰি পেলাব
তথাপিও উপযুক্ত বিশ্লেষণক
নিৰ্ণয় কৰাত ব্যৰ্থ।
ধূসৰ যেন লগা
জীৱনৰ দৃশ্যাৱলী;
সুখৰ পম খেদি ব্যৰ্থ নকৰিবা ,
কৰ্মত ব্ৰতী হোৱা
সজ চিন্তাৰে সময়ৰ মূল্য বুজা
শংকা মুক্ত এটি মূহুৰ্ত
ধূসৰতাৰ মাজতো এটি উজ্বল কিৰণৰ
মায়াময় পৃথিৱী খনত
জীৱন - যাপন কৰা
এটি লুং - লুঙীয়া বাট বিচাৰি পাবা,
খোজ দিবা সাৱধানে
আগবাঢ়িযাবা ধীৰে -স্থিৰে,
তেতিয়াই মুক্ত মনে হৃদয়ৰ ভাষাৰে
জীৱন-যুদ্ধৰ জয় গান জুৰিবা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ