জোনাক- ভাৰ্গব জ্যোতি দাস

©Admin
0
সন্ধিয়াৰ নিৰিবিলি আকাশৰ 
আন্ধাৰৰ মাজত জিলিকি ৰোৱা
তুমি যেন এটি মনৰ জোনাক

পোহৰেৰে উপচাই তোলা যেন
এক হৃদয়ৰ সুবাস
তোমাৰ চানেকিৰে আমাৰ 
জীৱন পোহৰৰ এটি আভাস
জোনাক যেন এটি মনৰ জোনাক

সন্ধিয়াৰ পৰশত ঠন ধৰি উঠা
হাজাৰ হাজাৰ তৰাৰ মাজত
ৰং বিয়পোৱা ,তুমি যেন এটি
মেঘৰ ছাঁত লুকাই থকা
পোহৰৰ বিলাপ 
যেন এটি পোহৰৰ বিলাপ

               -ভাৰ্গব জ্যোতি দাস
                নগাঁও,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)