সাকোঁডাল পাৰ হওঁতেই
দুৰ্ভগীয়া কবিৰ নাকত লাগিল,
আইৰ তেজাল মাটি
মঙহৰ গোন্ধ।
সিপাৰত এজাক শিয়ালৰ কোল্লল,
সাকোঁডাল পাৰ হওঁতেই
ৰাতি দুপৰ হ'ল।
দূৰৈত ৰিণি-ৰিণি শুনিছো,
আইয়ে দুখত ৰাউচি ধৰা
কান্দোনৰ ৰোল।
সাকোঁডাল পাৰ হওঁতেই
নৈ খন শুকাই ক'লা হৈ গ'ল,
ক'লা নৈত লক্ষ্যাধিক কেকোৰা,
তীব্ৰ বেগেৰে কুৰুকি খাইছে
নিজ আইৰে বুকুখন।
আছে মাথো খোলাটো বাকী,
সেই দিনা জোনাকো হ'ল জয়াল ৰাতি।
যাউতি যুগীয়া দেশৰ স্বভিমান
তেজাল মঙহ বিক্ৰি কৰে
দেশদ্ৰোহী বিক্ৰেতাই,
একতাৰ সঁচা কাঠি মামৰে ধৰি
আইৰ কোচনিতে হেৰাই।
জয়াল ৰাতিটো আজিও নুপুৱাই।
✍️ দৰ্শনা দাস
মাজুলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ