নদী আৰু নাৰী ••ৰেখা ৰাণী বৰ্মণ

Sibani Baruah
0
সি যে এক চিৰন্তন সত্য ঐশ্বৰিক শক্তিৰ পূৰ্ণতা
বিশ্ব ব্ৰহ্মাণ্ডৰ অনু পৰামানুৰ উত্তপ্ত বলয়ৰ 
অৰ্থ বহুল মহা কাব্যৰ কুসুম কোমল বক্ষত প্ৰাণ পোৱা
অক্ষয় আলেখ্যৰ ৰসাল কাৰিকাৰ লালিত্যৰে গঢ়া 
সৰু সৰু ছন্দ  নতুবা ৰূপ ৰসেৰে সমৃদ্ধ  বাখৰুৱা নিচাৰ 
যুগ্ম অৰ্থ ৰেখাৰ  এক সুশোভিত প্ৰকাশ ৰহস্যৰ ;
তুমি , নদী আৰু তেওঁ নাৰী ; বিশ্বৰ আদিতমা অক্লান্ত প্ৰেয়সী
তোমাৰ  অথবা তেওঁৰ বাসনাত ইন্দ্ৰ পাৰিজাত
সৃষ্টিৰ অপূৰ্ৱ মাদকতাৰ ৰঙীন প্ৰেমৰ নতুন যাত্ৰা
মাতৃ তৃষ্ণাৰ ৰক্তৰাগত ভাঁহে  বৰ্ণিল সম্ভাৰ
হয়তো সেয়ায়ে তুমি নদী আৰু  তেওঁ নাৰী
নতুবা সৰ্বসিদ্ধিয়িনী বিশ্বৰূপিনী ঐশ্বৰ্য্যমণ্ডিতা
হৃদয়ৰ পৰা হৃদয়ৰ গভীৰ লৈ ভৰাই দিয়া 
শূন্যৰতাৰ বুকুত আঁজুলি আঁজুলি ক্ষমা মমতা , সাম্য , সমৃদ্ধি  ; হয়তো সেয়ায়ে আজীৱন বিচাৰি  চলাথ কৰা সথিক সৌন্দৰ্য্য 
নতুবা তুমি নদী আৰু তেওঁ নাৰী ; প্ৰকৃতিৰ শুভ্ৰতাৰ উত্তৰ ;
তোমাৰ অথবা তেওঁৰ অন্তৰে অন্তৰে বসন্তৰ সাঁথৰ
সাৰূপ্য হৃদয়ৰ স্নেহেৰে গাঁঠা একতাৰ ঐতিহ্য ;
তুমি নদী আৰু তেওঁ নাৰী ; একেই সত্তা , একেই তৃষ্ণা
একেইটিয়েই  প্ৰাৰ্থনা অনাদি অনন্ত কালৰ পৰা ।।

                         ✍️ৰেখা ৰাণী বৰ্মণ
                            নলবাৰী,


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)