গামোচা- নৱজিৎ নাথ

©Admin
1
গামোচা হ'ল,
অসমীয়াৰ সংস্কৃতিৰ এক পৰিচায়ক।
অসমীয়া এক গৌৰৱৰ আৰু অস্তিত্ব ৰক্ষাৰ অসমীয়াৰ স্বাভিমানৰ এক প্ৰতীক।।

গামোচা হ'ল,
অসমীয়াৰ সাতামপুৰুষীয়া ঐক্যৰ বাহক।
অসমীয়াৰ চহা বচা বচা শিপিনীৰ হাতৰ
পৰশত প্ৰাণৰে জীপাল হৈ জিলিকি উঠা 
 তাঁতশাল খনৰ সেই সৰু সৰু ফুলৰ 
 এখন ৰঙীন সুতাৰ সেই গামোচাখনি ।।

গামোচা হ'ল,
অসমীয়া সমাজ জীৱনত ব্যবহৃত বিভিন্ন 
 সামাজিক, ধৰ্মীয় আৰু মাংগলিক 
 অনুষ্ঠানত লগতে অসমীয়াৰ আদৰৰ 
 বাপতি সোহান হেপাঁহৰ ৰঙালী বিহুত..
আপোন জনলৈ বুলি আগবঢ়োৱা এক 
অনবদ্য সম্ভাৰৰ এখনি বিশেষ বিহুৱান ।।


গামোচা হ'ল,
অসমীয়াৰ কৃষ্টি আৰু সংস্কৃতিৰ সম্পদ।
 বৰ্তমান সময়ত মিচিনৰ দ্বাৰা প্ৰচলিত 
সেই গামোচাৰ খনৰ লগত নাই আমাৰ 
মাজত কোনো আবেগ আৰু অনুভুতি।।

গতিকে সকলোৱে সদায় সজাগ হওঁক,
অসমীয়া শিপিনীৰ তাঁতশালৰ মাজত, 
ৰঙীন সূতাৰে সোণোৱালী সপোন ৰছা
সেই আপোন গামোচা খনি আমাৰ
 প্ৰকৃততে স্বাভিমানৰ এক প্ৰতীক।।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অতি সুন্দৰ লিখনি,সকলো পঢ়ি বহুতে ভাল লাগিল 🥳👌✊🙏

    ReplyDelete
Post a Comment