এজাক প্ৰেমৰ আবতৰিয়া বৰষুণ -মিন্টু গোৱলা

Sibani Baruah
0
আবেলি সময়ত বতৰতো অলপ ডাৱৰীয়া  যেন আছিল। আকাশত কʼলা মেঘে আৱৰি আহিছে ,।এই বৰষুণ আহো আহো অৱস্থা ।
আবেলি সময়কণত নগেন আৰু লগৰ বন্ধু সৈতে অলপমান ফুৰিবলৈ ওলাই গৈছে,গাওঁৰ এখন নৈৰ পাৰত,নৈৰ পাৰত বহু ল'ৰাও ছোৱালীও  বহিবলৈ যায় । কাৰণ নৈৰ পাৰৰ নিজান পৰিবেশতো  আবেলি সময়ত উপভোগ কৰিবলৈ বৰ ভাল লাগে । সিহঁতৰ লগৰ লগ হৈ আজি নৈৰ পাৰত অলপ বহি আহিছে ।বহি অলপ ডেকা ল'ৰাৰ আলাপ কৰিছে ।হঠাৎ সিহঁতৰ আগফালৰ পৰা এজাক ছোৱালী আহি নৈৰ গৰাহৰ কাষত বহি পানীৰ লগত খেলা কৰি আছিল।
নগেনহঁতে দেখি বৰ আনন্দ হৈ পৰিল ।কাৰণ ডেকা ল'ৰাই ছোৱালী দেখিলে গাঁৰ তেজ এনেও গৰম হৈ উঠে । তেনেকুৱা যেন অনুভৱ হৈ উঠিছে নগেনৰ লগৰ বোৰৰ, যেন গোলাপৰ ৰঙা পাহি বোৰ ফুলাৰ দৰে সিহঁতৰ মনতো ৰঙা হৈ উঠিছে।সকলো হাঁহি ফুৰ্তি কৰি নৈৰ পাৰৰ নিজান পৰিবেশতো উপভোগ কৰিছে। হঠাৎ বৰষুণ আহিল সিহঁতৰ মাজত হুৱা- দুৱা লাগিল ।কাৰণ ছাতিও নাছিল সিহঁতৰ লগত ।
নগেনৰ লগৰ বোৰ দৌৰি দৌৰি  ঘৰলৈ গুচি গ'ল।নগেনে  দৌৰি গৈ নৈৰ কাষত থকা এটি জুপুৰি ঘৰত সোমালে ।নগেনৰ লগত এজাক ছোৱালী আহি সেই জুপুৰি ঘৰত সোমালে ।এজাক ছোৱালী মাজত নগেনে অকলে এজন ল'ৰা কেতিয়াবা লাজ লগা চাৱনিৰে কেতিয়াবা ছোৱালী কেইজনে লৈ চাই । হঠাৎ এজনী ছোৱালীয়ে নগেনলৈ বৰকৈ চাই আছিল । নগেনৰ আৰু বেচি লাজ লাগি গ'ল। কিন্তু ছোৱালী জনী নগেনকে চাই থাকিলে। বাকী  লগৰ ছোৱালীবোৰ ঘৰলৈ গুচি গ'ল ।তাই গমেই নাপালে । লগৰ বোৰ তাক এৰি গুচি বুলি। কাৰণ বৰষাৰ মৰম লগা   চকুৰ চাৱনিত   নগেনৰ হিয়াৰ মাজত এজাক বৰষুণে তিয়াই পেলালে। কেতিয়া বৰষুণ এৰিলে গমেই নাপালে ।নগেনে লাজ লগা চাৱনিৰে ছোৱালীজনীৰ লগত কথা পাতিছে।
  :- তুমি বুলি ক'ব পাৰি নে ?
:- উম!ক'ব পাৰে ।
:-পিছে তুমি ক'ত থাকা? মই তোমাক আগে পিছে দেখা নাই ।
:- মই মাম ঘৰত ফুৰিব আহিছোঁ । আপোনালোকৰ গাওঁৰ ইমূৰত আমাৰ মামাৰ ঘৰ ।মামাক চিনি পাই চাগে ?
:-কোন নো ? তোমাৰ মামাৰ নাম কি ?
:-ৰতন । আপোনাৰ ঘৰ?
:- মোৰ ঘৰ ইয়াতে ।ৰতন মই চিনি পাওঁ । মই দাদা বুলি মাতো। আপুনি বুলি নকʼবা বয়সত বহুত ডাঙৰ যেন লাগে। তুমি বুলি কোৱা।
:-ঠিক আছে ।তুমি বুলিয়ে কৈছোঁ। তোমাৰ নাম ?
:-মোৰ নাম নগেন । পিছে এই ঠাই ডোখৰ বৰ ভাল লাগে অʼ। এটি নিজান পৰিবেশ যে বৰ ভাল ন?
তোমাৰ নামতো নকʼলা যে।
:- মোৰ নামতো বৰষা।এই ঠাই ডোখৰ বৰ ভাল।নৈ খন আৰু ইয়াৰ চাৰিওফালেটো সেউজীয়া হৈ আছে যে বহুত ভাল লাগিছে।এই  প্ৰকৃতিৰ কি যে মনোমোহৰ?
:-উম! বʼলা যাওঁ।কথা পাতি পাতি কেতিয়া বৰষুণ এৰিলে গমেই নাপালোঁ।বৰষা বʼলা যাওঁ ।
:-উম!বʼলা । তোমাক লগ পায় ভাল লাগিলে । মই পিছে কেইদিনমান থাকিম। ঘৰত বহি বহি আমনি লগা বাবে মামা ঘৰলৈ ফুৰিব আহিছোঁ।
:-অʼ লগ পাই থাকিম তেনে ন।
:-নিশ্চয় ।নগেন এতিয়া হ'ব । মই যাওঁ হে ।
:-উম ।
        নগেনে বৰষা লগত কথা পাতি ঘৰলৈ আহিল ।নগেনৰ মনত বৰ আনন্দ কাৰণ তাই কেইমাহমান সিহঁতৰ গাঁৱত থাকিব বুলি। নগেনে বৰষাক লগ পাই নগেনৰ  মনৰ মাজত এজাক প্ৰেমৰ বৰষুণ আহিল ।তাৰ মনত এটাই থিৰাং কৰিলে যে বৰষাক মই মোৰ নিজৰ কৰিম ।সদায় লগ কৰিবলৈ নৈৰ পাৰত  বৰষা লৈ বাট চাই থাকে।ৰাতি দিনে নগেন বৰষাৰ কথা ভাবিবলৈ ধৰিলে ।বৰষাই নগেনক চকুৰ পৰা হিয়ালৈ তিয়াই দিলে এজাক প্ৰেমৰ বৰষুণ হয় ।  বৰষাক এদিন লগ পাই নগেনে  বহু সপোন ৰচিলে  । নগেনে সকলো কথা খুলি কʼম বুলি পিছদিনাৰ আবেলি লৈ বাট চাই আছে।  
          পিছ দিনা আবেলি সময়ত দুয়ো লগ হৈ নৈৰ পাৰত বহিবলৈ গৈছে। নগেনে মনত বান্ধি লৈছিল যে  আজি মোৰ মনৰ কথাবোৰ খুলি  কʼম বুলি । দুয়ো নৈৰ কাষত বহি অলপ কথা পাতিছে ।  বৰষাই নগেনক ক'লে :-
তুমি বৰ্তমান কি কৰি আছা?
নগেনে উওৰ দিলে ।
:- কিবা এটা কৰি আছোঁ।নিজে চলিব পৰা কৈ ।
:- অʼ ।ময়ো তোমাৰ দৰে কিবা এটা কৰি আছোঁ । পিছে আৰু তোমাৰ কোনোবা আছে নেকি?
বৰষাই হঠাৎ নগেনক ক'লে যে তোমাৰ হিয়া মাজত কোনোবা আছে নে ? নগেনে আনন্দত ক'লে -
:- কি ?বুজি নাপালোঁ অʼ।
:- তোমাৰ হিয়াৰ মাজত কোনোবা ছোৱালী  আছে নে?
নগেন মনত ভবা কথা সফল হ'ল বুলি ফুৰ্তিত ক'লে -
:- নাই অʼ। মই যাক বিচাৰি আছোঁ ।তাক বিচাৰি পোৱা নাই । সেইবাবে  মই বিচৰা নাই । পিছে তোমাৰ ?
  নগেন ভাবিলে সপোনবোৰৰ আজি দিঠক হ'ব যেন পাইছোঁ।
:- উম !মোৰ এজন আছে । গাওঁৰ হয় ।মোক যে বহুত পগলাৰ দৰে ভাল পাই। দিনে ৰাতি ফোন কৰি  থাকে ।ময়ো তাক বহুত ভাল পাওঁ। তোমাৰ কথাও কৈছোঁ ।
:-অ ʼবুলি কৈ মনে মনে বৰষা কথাবোৰ শুনি থাকিলে।
  নগেনৰ কথাবোৰ মনতে ভৱাৰ দৰে থাকি গʼল।নগেনৰ আশা ভৰা সপোন বোৰ যেন মৰঁহি গʼল।
কেৱল কথাবোৰ শুনি গʼল । দুয়ো ঘৰলৈ আহিল।
নগেনে ঘৰলৈ আহি কথাবোৰ ভাবি মনে মনে বহি গান শুনিছে,মনতোক ভাল লগাই আছে।
নগেনৰ হিয়া তিয়াই যোৱা বৰষুণ জাকে মন মগজুত বহুত চাপ পেলাই শুচি গʼল । যেন এজাক আবতৰিয়া বৰষুণে নগেনৰ চকুৰ পতা তিয়াই থৈ গ'ল। নগেন ভাবি লʼলে যে এই জাক বৰষুণ আবতৰিয়া আছিল । তাৰ বাবে সপোন বোৰ দিঠক নহ'ল।যদি বৰষুণ জাক সময়ত আহিল হেঁতেন সকলো সপোন দিঠক হ'ল হেঁতেন।যিয়ে নহওঁক নগেনৰ হিয়া খন তিয়াই গুচি গ'ল।  নগেনে সকলো কথাই গম পালে আৰু নগেন  নিৰাশ নহয়  যোৱা কথা বোৰক পাহৰি নিজৰ ভাগ্যক  ধিয়াই সপোন বোৰ ৰচিবলৈ লʼলে। নগেন সদায় আশাবাদী হৈ ভবিষ্যতৰ কথা ভাবিবলৈ লʼলে ।


  ✍️মিন্টু গোৱলা   
 লখিমপুৰ, কদম 
                                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)