আবেলি পায় পাঁচটা মান বজালৈ কথাৰ মহলা মাৰি অনুৰাগ আৰু আইৰীণ সন্ধিয়াৰ আগে আগে সোনাপুৰ ধাবাৰ পৰা মহানগৰীলৈ বুলি উভতি আহিছিল।
যোৰাবাটৰ অকোৱা পকোৱা পথটোৰে মটৰ চাইকেল চলাই আহি থাকোতে পাছফালৰ পৰা তাৰ ককালত সাৱটি ধৰিছিল। তেজ মঙহৰ ধুনীয়া গাভৰু ছোৱালী জনীয়ে বিনা দ্বিধাই তেনেদৰে সাৱটি ধৰোতে তাৰ পিঠিখনত তাইৰ বুকুখন সামান্য ভাৱে স্পৰ্শ হোৱাত অনুৰাগৰ শৰীৰটো যিকাৰ খাই উঠিছিল । পাহাৰীয়া ছোৱালীবোৰৰ এইবোৰ বেপৰোৱামীৰ কাৰণে ভৈয়ামৰ লৰাৰ ভৰি পিচল খাই যায়। তালি এক হাতে ন'বজে বুলি এনেই নকয় । অনুৰাগৰো অৱশ্যে একো বেয়াও লগা নাছিল । কিন্ত এই অৱস্থাত তাক মৃগনয়নীয়ে কেনেবাকৈ দেখা পাই যাব লাগে তেন্তে হৈছে আৰু তাইৰ সৈতে সংসাৰ পাতি ল'ৰা ছোৱালীৰ বাপেক হোৱাৰ তাৰ সপোন সিমানতে ভাগিব ।
আঙবাঙ নোহোৱা কথাবোৰ ভাবি অন্যমনস্স্কতাৰে আহি থাকোতে হঠাত ৰাস্তাৰ ডিভাইদাৰ এটাত মটৰ ছাইকেলখন জাপ মাৰি উঠাত অভিনন্দনে কেনেবাকৈ নিয়ন্ত্রণ ৰক্ষা কৰি সাম্ভাব্য বিপদৰ পৰা হাতসাৰি গৈছিল । কান্ধত হাত দুখনেৰে সামুছি খামুচি ধৰি আইৰীণে চিঞৰি কৈছিল, মামা লাহে লাহে চলা । তোৰ বদমাছি চ'ব মই ভালদৰে
জানো । পিছফালে ছোৱালী এজনী বহিলে কেনেদৰে মটৰ ছাইকেল চলাব লাগে নাজান নেকি?
ধেইত তেৰি আইৰীণ, চ'ৰি ভাই ! মই ইন্টেনচনেলি একো কৰা নাই ডিভাইদাৰটো একদম চকুতেই পৰা নাছিল জান'নে । তই দুখ চুখ পালি নেকি? সেমেনা সেমেনা কৰি অনুৰাগে সহহৃদয়তাৰে আইৰীণক প্ৰশ্ন কৰিছিল ।
- আহা হা হা দোষ্ট তোক মই নাজানো বুলি ভাবিছ । ডিভাইদাৰত মটৰ চাইকেলখন তুলি দি ঠেকেচনি খুৱাই যে তই মজা ল'ব বিচাৰিছিলি মই বুজি পাইছো বন্ধু । ফৰ্থ ইয়েৰৰ ফ্ৰকটোৰ কথাটো মই পাহৰি গৈছো বুলি নাভাবিবি ।
কৃটিম খং আৰু অভিমান সানি আইৰীণে কোৱা কথা শুনি অনুৰাগে মটৰ চাইকেলখনৰ গতিবেগ কমাই দিছিল। মুখখন সামান্যভাৱে তাইৰ ফালে ঘুৰাই ফেপেৰি পাতি কৈছিল- ধেইত আইৰীণ তয়ো যে আৰু ! আঠ বছৰ আগৰ সেই সামান্য কথাটো পাহঁৰিবই পৰা নাই নে ? তইটো মোক মিচাই ভিলেইন সজালি। প্ৰকৃত কথাখিনি শুনিবই নিবিছাৰিলি কাহানিও।
- মামা এটা কথা মনত ৰাখিবি পৃথিৱীৰ প্ৰতি গৰাকী নাৰীয়েই আত্ম মৰ্য্যদাক সবাতোকৈ অধিক প্ৰাধান্য দিয়ে । আনকি নিজৰ আত্মাৰ আহ্বানক নেওচি নিজৰ দেহ বিক্রী কৰা গনিকা এজনীয়েও কোনো কাৰণত নিজৰ আত্ম মৰ্য্যদাৰ সৈতে অকনো আপোচ নকৰে । গতিকে মোৰ সেইসময়ত তহঁত ওপৰত খং উঠাতো স্বাভাৱিক কথা আছিল।
আইৰীণৰ সৈতে সংঘটিত হোৱা ঘটনাটোৰ আঠ বছৰ পাছতো তাইৰ খঙ মাৰ নোযোৱা দেখি অনুৰাগে কথাটো পাতলাবলৈ কৈছিল' "কলেজীয়া সেই দিনবোৰৰ উতলা যৌৱনত উটি ভাঁহি গৈ কৰা কিছুমান কথা মনত পৰিলে যে এতিয়াও বৰ লাজ লাগে । এবাৰ ফৰ্থ ইয়াৰত কি হৈছিল জাননে ? মই আৰু থাংগাই ৰাতি ইয়াৰিঙ বাইদেউৰ জুপুৰীত মাজৰাতি লৈ আপঙ খাই ঘোপমৰা এন্ধাৰত ঢলং পলং কৈ হোষ্টেললৈ বুলি আহি আছিলোঁ। এঘন্টা মান আগতে পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহাত গছগছনি ভাগি পৰাৰ বাবেই নেকি সমগ্ৰ নিৰজুলি ঘোপমৰা এন্ধাৰত ডুবি আছিল। নেৰিষ্টৰ মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিংৰ সন্মুখৰ নিয়ন লাইটটোক বাদে সকলো ফালে অমাৱশ্যাৰ এন্ধাৰে আবৰি ধৰিছিলি । কলেজৰ মেইন গেট খনেৰে আহিলে গেটৰ দায়িত্বত থকা অৰুণাচল পুলিচত কাম কৰা নগাৱঁৰ এচ আই কৰণজিত সিং দাই কামোৰ দিব ( বিৰক্তি কৰিব) বুলি মনতে ভাবি কলেজ কেম্পাচৰ পশ্চিমৰ ফালৰ ঠেক ৰিভলভিং গেটখনৰেই যোৱা উচিত হ'ব বুলি ভাবিছিলো । কিনকিনাই দি থকা বৰষুণ জাক মুৰত লৈ আহি ৰিভলভিঙ গেটখন পাওঁতেই হঠাত থাংগাই এন্ধাৰতে মোৰ মুখত সোপা মাৰি ধৰিছিল। মাৰুৱা আপংৰ ৰাগীত মই কি হ'ল কি নহল তৰ্কিবই পৰা নাছিলোঁ । কিন্ত হঠাত অনুমান কৰিছিলো ঘোপ মৰা এন্ধাৰত থাংগাই মোক এৰি গেট খনৰ একেবাৰে কাষৰ জুপুৰীটোৰ ফালে আগুৱাই গৈছিল। মিজো আন্টিৰ চাহৰ দোকানখনৰ বিপৰীতে থকা সেই জুপুৰিটো আছিল টাছো নামৰ আমাৰ ব্লক বি হোষ্টেলৰ নাইট চকীদাৰ জনৰ। আপঙৰ নিচা ফাটি গৈছে বাবে থাংগা পুনৰ টাছোৰ জুপুৰীত আপং বিচাৰি গৈছে বুলি ক্ষন্তেক ভাবি চিগাৰেট এটা জ্বলাবলৈ লওঁতেই হঠাত চাল্লা, চুৱৰ কা বাটচা আমি তোমাক নাচাৰিব । লম্বা দাও পৰা ঠিকচে কাটিব বুলি ধমক দি ছাঁয়া মুৰ্তি এটাই চাংগাৰ ফালে চোঁচা মাৰি অহা দেখি একো তৰ্কিব নোৱাৰি থাংগাক তাতেই এৰি মই কলেজ কেম্পাচৰ ভিতৰলৈ ভিৰাই লৰ মাৰিছিলোঁ। ছায়া মূৰ্তিটোৰ মাতৰ পৰা সেইটো অৰুনাচলী আপাটনি চকীদাৰ টাছো বুলি বুজি পাইছিলো।
দৰাচলতে কিনো ঘটিছিল ভৱাৰ অৱকাশ নাছিল। হাতত দা লৈ টাছোৱে কাটিব অহা বুলি অনুমান কৰি সোঁৱে বাওঁৱে একোৱেই নাচাই মই মাত্র প্ৰাণটাকি দৌৰিছিলোঁ । কলেজৰ এডমিন বিল্ডিঙ পাৰহৈ গৈ নতুনকৈ বনাই থকা চিচিএফ লেৱৰটৰী ওচৰ পাওঁতেহে পাছলৈ চাই দেখিছিলো থাংগা নাই। তেতিয়াহে বুজিছিলো যে চাংগাই তাৰমানে মোৰ পাছে পাছে অহাই নাছিল। তেন্তে থাংগা ৰ'ল ক'ত? টাছোই তাক ঘপিয়াই চপিয়াই দিলে নেকি বাৰু ? থাংগাৰ কথা ভাবি কিংকৰ্তব্যবিমোৰ হৈ এন্ধাৰ ফালি ব্লক বি লৈকে আগবাঢ়িছিলো।
থাংগাক ক'ত ৰৈ গ'ল তাকে ভাবি মই অলপ উৎকন্ঠিত হৈ পৰিছিলোঁ। থাংগা আৰু মোৰ বন্ধুত্বৰ গভীৰতা গঢ়ি উঠিছিল চেকেন্ড ইয়াৰত ইয়াৰিঙ বাইদেউৰ জুপুৰীত আপঙ খাবলৈ যাওঁতে প্ৰথম ল'গ পোৱাৰ দিনাখনৰ পৰা । সাধাৰণতে তহঁতৰ মিজো ল'ৰা ছোৱালীবোৰে ন'নট্ৰাইবেল লৰা-ছোৱালীৰ সৈতে মিলামিছা পচন্দ নক'ৰ। কিন্ত মামাৰ পৰা সাৰি যাব পাৰিবি জানো। থাংগাৰ লগত ইটো সিটো কথা বতৰা পতাৰ পাছত লাহেকৈ পকেটৰ পৰা গোপাল ভোগৰ টেমাটো উলিয়াই দিলো আগবঢ়াই দিছিলো ।বচ্ এখোলা এখোলা গোপালভোগ কোৱাৰিত সুমুৱাই লোৱাৰ পাছতেই আমাৰ দুয়োৰে মাজৰ বন্ধুত্বতাৰ চুক্তি স্বাক্ষৰিত হৈ গৈছিল। সেইদিনাখন ধৰি মই আৰু থাংগাই প্ৰায়েই ইয়াৰিঙ বাইদেউৰ জুপুৰীত আপঙ খাবলৈ গৈছিলোঁ। থাংগাক টাছোই কিয় খেদি আহিছিল তাকে ভাবি এফ ব্লক আৰু এ ব্লকৰ মাজৰ পকী ৰাষ্টাটোৱেদি ব্লক বি হোষ্টেলৰ সন্মুখৰ বাস্কেট বল কৰ্টখন পাইছিলো গমেই পোৱা নাছিলো। হোষ্টেলৰ পঢ়াৰ পোক কেইটামানে কেণ্ডেল লগাই ধিমিক ধামাক পোহৰত পঢ়ি আছিল যেন লাগিছিল । পাছে হোষ্টেলৰ ওচৰ চাপি যোৱাৰ লগে লগে কমন ৰুমৰ ভিতৰত কিবা হুলস্থুল লাগি থকা শুনি অলপ চিন্তাত পৰিছিলোঁ। কিনকিনাই দি থকা বৰষুণ জাকত মই হোষ্টেলৰ বাহিৰত এন্ধাৰতে কিছু সময়ৰ বাবে পাইচাৰি কৰি ভিতৰতনো কি হৈ আছে তাৰে উমান ল'বলৈ চেষ্টা কৰিছিলো।সেই হুলস্থুলৰ মাজত চকীদাৰ টাছোৱে ধমক দি চিঞৰ বাখৰ কৰি থকাৰ পৰা থাংগাৰ যে কিবা অথন্তৰ ঘটিছিল মই পুৰা অনুমান কৰিব পাৰিছিলোঁ । কিনকিনাই দি থকা বৰষুণ জাকত মোৰ চাৰ্ট পেন্ট যোৰ তিতি থকাৰ বাবে কিবা এটা ভাবি চিধাই কমন ৰুমলৈ নগৈ হোষ্টেলৰ মেইন গেটখনৰে সোমাই বাওঁফালৰ কেয়াটেকাৰৰ অফিচৰ বেৰত ওলোমাই থোৱা নটিছ বৰ্ডখনৰ ওচৰত ঠিয় দি ৰৈছিলোঁ । হোষ্টেলত কাৰেন্ট নাছিল বাবে চাৰিওফালে অন্ধকাৰ হৈ আছিল। তাতে অৰুনাচলৰ স্থানীয় নিচি , আদি আৰু আপাটনি ভাষাত চিঞৰ বাখৰ শুনিলে কোনো লৰাই ৰুমৰ পৰা ল'ৰমাৰি ওলাই নাহিছিল। কাৰণ কোনোৱেই অৰুনাচলী লৰাৰ কাজিয়া পেচাল চাবলৈ আহি বাটৰ কচু গাত ঘঁহি ল'ব নিবিৰাছিল । কাৰণ তেনেদৰে হোষ্টেলৰ অৰুনাচলী ল'ৰাৰ পৰস্পৰৰ মাজ লাগি থকা কাজিয়া ভাঙিবলৈ আৰু চাবলৈ আহি ননট্ৰাইবেল লৰাই গুৰুলা গুৰুল পিতন খাই নাহৰলাগনৰ চৰকাৰী চৰকাৰী হাস্পতালৰ আলহী হোৱাৰ নজিৰ আছিল। সেইবাবে কোনোবাই মোক দেখা পোৱাৰ সন্দেহ একেবাৰেই নাছিল।
কমন ৰুমত চলি থকা হৈ হুলস্থূলবোৰ মাজত বন্ধু থাংগা , গাওঁবুঢ়া মানে দিগন্ত, ঠুতুৰিৰ দাড়ি থকা বাবা ছাগলী ওৰফে মালচোমা, ব্লক বিৰ প্ৰিফেক্ট আমাৰ বেটচৰ চিভিল ইঞ্জিনীয়াৰিঙৰ নিচি ল'ৰা টানা টেজিকে আদি কৰি লগৰ দিপক, জন , দেৱজিতৰ মাত শুনি মোৰ অনুমান সচাঁ প্ৰমাণিত হৈছিল। দিগন্ত, চোমা , জন সকলোৱে টাছোক বাৰে অনুনয় বিনয় কৰি থাংগাক মাফ কৰি দিবলৈ কৈছিল। কিন্ত থাংগাইনো দৰাচলতে কি জগৰ লগাইছিল মই তেতিয়াও একো বুজিবই পৰা নাছিলো। হঠাত এটা ছাঁয়ামূৰ্ত্তি হোষ্টেলৰ মেইন গেটখনৰে ভিতৰলৈ সোমাই অহাৰ উমান পাই মই বাৰান্দাৰ পোষ্ট এটাৰ আৰঁত লুকাই দিছিলো।
-আজিং ( বন্ধু ) কেলেই মাতিলে এই ৰাতি । টাছো আপা আন্দাৰ পেন্ট পিন্ধি নাঙ্গা সাজি কেলেই আছে।
কথাখিনি শুনিয়েই কমন ৰুমত প্ৰবেশ কৰা ছাঁয়ামূৰ্ত্তি আমাৰ বেটচৰ ৰিপ্ৰেজেণ্টেটিভ চিভিল ইঞ্জিনীয়াৰিঙৰ টাডৰ কাচোঙৰ বুলি গম পাই সমস্যা অলপ জটিল বুলি বুজিব পাৰিছিলোঁ। কিন্তু মমবাতিৰ ধিমিক ধামাক পোহৰত কাকো চিনিব পৰা নাছিলোঁ।
-কাছোঙ, সমস্যা অলপ গম্ভীৰেই ৰহ । সেইকাৰণে মিন্টুক তোৰ ওচৰলৈ লৰালৰিকৈ পঠিয়াই দিছিলোঁ। থাংগাই আমাৰ চকীদাৰ টাছোৰ জগৰ লগাইছে । জগৰ নাভাঙিলে জগৰা ভাঙিব কেনকৈ। কিন্তু টাছোই থাংগাক কাটিব বুলি একদম খাটাঙ কৰি লৈছে ।
সদায়েই নিস্বাৰ্থতাৰে মধ্যস্থতাকাৰীৰ দায়িত্ব পালন কৰা দিগন্তৰ কথা খিনি মোৰ পিলাই চমকি উঠিছিল যদিও থাংগাই কৰা অপৰাধৰ ৰহস্যৰ জানিবলৈ উদিগ্ন হৈ পৰিছিলোঁ।
দিগন্তই কথাখিনি যতি পেলাওঁতেই টাছো হঠাত গুজৰি গুমৰি উঠিছিল। চাল্লা মই আৰু মোৰ মাইকী মানুহ বনাই আছিলে । ইটো হাৰেঙ( নন অৰুনাচলী), চুৱৰ কা বাটচাই ফুটাৰ পৰা জুপিয়াই জুপিয়াই চাই আছিলে। কুত্তা হাৰেঙৰ লগত আৰু এক জনা সাথী আছিলে। সেইটো চাল্লা ভাগি গল। তাক নাই পালে ভি ইয়াক আমি কাটিব। তুমহাৰা সাথী কা নাম বতা বুলি কৈ ঠাচ্চ্চ কৈ মৰা চৰৰ শব্দ শুনি মোৰ হাতভৰি কঁপি উঠিছিল।
টাছোই থাংগাক চৰটো মৰাৰ লগে লগে কাচোঙ আৰু টানা টেজিয়ে টাছোক জকজকাই উঠিছিল। হাজাৰ হওঁক টাছো আপটানি। নেৰিষ্টতখন অৰুনাচলৰ পাপুমপাৰে জিলাত অৱস্থিত। পাপুমপাৰে জিলাখন হৈছে নিচি জনজাতিৰ গৰিষ্ঠতা থকা জিলা । নিচি সকল অৰুণাচলৰ সকলোতকৈ সাহসী আৰু স্বাভিমানী লোক বুলি নাম আছে ।
থাংগাই টাছোক লগোৱা জগৰৰ কাৰণটো জানিবলৈ পাই মই শিল পৰা কপৌৰ দৰে থৰ লাগি পৰিছিলোঁ। থাংগাই সংঘটিত কৰা কাণ্ড শুনি হাঁহিমেই নে কান্দিমেই লাগিছিল। থাংগাৰ যে সেই লুটুৰা কু স্বভাৱ আছিল মই কাহানিও জনা নাছিলোঁ । দুই বছৰ ধৰি তাৰ লগত গৈ ইয়াৰিঙ বাইদেউৰ জুপুৰীত আপঙ খাবলৈ গৈছিলো, বেটচ পিকনিকত আগভাগ লৈছিলো তাৰ অনুৰোধ ৰক্ষা কৰি প্ৰায়েই দেওবাৰৰ দিনাখন নেৰিষ্টৰ গাৰ্লচ হোষ্টেলৰ পাছ ফালে নতুনকৈ বনোৱা গীৰ্জা ঘৰলৈ চাৰ্ভিছ কৰিব গৈছিলো। সিও মোৰ আগ্ৰহ নেওচিব নোৱাৰি কেতিয়াবা কেতিয়াবা ব্লক চিৰ বাবা ধামলৈ গৈ বাবাৰ প্ৰসাদ সেৱন কৰিছিল কিন্তু তাৰ সেই লুটুৰা স্বভাৱটোৰ কথাহে গম পোৱা নাছিলোঁ । থাংগাৰ ওপৰত মোৰ ভীষণ খঙ উঠিছিল কিন্তু টাছোৰ কানতলীয়া চৰ খাইয়ো মোৰ নাম নোকোৱাৰ বাবে মনত দুখ লাগিছিল। গোপাল ভোগ, বাবাৰ প্ৰসাদ আৰু আপঙে কিমান গভীৰ বন্ধুত্বতা গঢ়িব পাৰে তাক দেখা জনহে বুজিব পাৰে। লাহে কাছোঙ, টানা টেজি আৰু দিগন্তই টাছোক নিজৰ আয়ত্বলৈ অনাৰ উমান পাই সন্তৰ্পণে মই নিজৰ কোঠালৈ গুছি আহিছিলোঁ । টোপনিৰ পৰা সাৰপাই যাব বুলি দুৱাৰখন জপাই খিলিটো লগাওঁতেই ৰুমমেট পপোএ মাত দিছিল, থাংগাৰ লগত তই আছিল যে মই খাটাঙকৈ ক'ব পাৰো। অলপ চাইচিতি চলিবি। কেতিয়াবা উলুৰ লগত বগৰী পোৰা যাবি। মই পপোক একো নকৈ তিতা কাপোৰ কেইটা সলাই চুপ চাপ বিচনাখনত বাগৰি পৰিছিলোঁ । সেই দিন ধৰি থাংগাইয়ো মোক বিচাৰি অহা নাছিল আৰু ময়ো থাংগাক বিচাৰি যোৱা নাছিলোঁ । মাত্র বাটে পথে হাই হেল্লো কৰিছিলো বচ সিমানেই।
ইমান বেলি চুপচাপ অনুৰাগৰ কথা শুনি আহি থকাৰ পাছত আইৰীণে আচৰিত হৈ কৈছিল- মামা কি আচৰিত উৎপতীয়া আছিলি তহঁত মানি গৈছো দেই । তই শুনিলেই আচৰিত হ'বি থাংগাই মিজোৰাম গভৰমেণ্টৰ চাকৰি পায়ো নকৰি এটা এন জি অ খুলিছে। মন্ত্ৰী, এমেলে ডাঙৰ ডাঙৰ মানুহে তাক সমীহ কৰি চলে। মিজোৰামত প্ৰতি চল্লিছ বছৰৰ মুৰে মুৰে সংঘটিত হোৱা "মাউটম" নামৰ আকাল দুৰ্যোগৰ বাবে সি বহুত কাম কৰি আছে। হি ইজ জাষ্ট লাইক এ চেভিৱৰ।
আইৰীণৰ মুখত থাংগাৰ কথাবোৰ শুনি মোৰ মুখখন মেল খাই ৰৈছিল। মাউটম মানে কি বুজিব নোৱাৰি তাইক লাহেকৈ সুধিছিলো- আইৰীণ মাউটম মিজো শব্দ নেকি । তই কি আকাল দূৰ্যোগৰ কথা কলি বুজাই ক'চোন।
- ৰখ অলপ সময়। মাউটম মানে কি ক'ম বাৰু। তাৰ আগতে সচাঁকৈয়েই ক'চোন তয়ো থাংগাৰ লগত চকীদাৰ টাছোৰ জুপুৰীত সিদিনাখন ৰাতি জুপি চাইছিলি নেকি?
আগলৈ....
বি:দ্ৰ: অহা গ্ৰন্থমেলাত প্ৰকাশ পাব লগীয়া মোৰ উপন্যাস "ন্ঘাহ ল'হ দ'ৰ "ৰ কিয়দাংশ।
ধন্যবাদেৰে-
✍️চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ