মোৰ কলমেৰে নিগৰে••শ্বহিদুল ইছলাম

Rinku Rajowar
0
               ✍️শ্ৰীযুত শ্বহিদুল ইছলাম,শিক্ষক
                   পঃ মইনবৰী, বৰপেটা

মোৰ কলমেৰে নিগৰে
মোৰ অন্তৰৰ শিহৰণি
তোমাক ভাল পাওঁ
তাকে উকা কাগজত 
মোৰ কলমেৰে লিখোঁ বিৱৰণী।

আধ্যাত্মিক ভাৱৰ প্ৰকাশ 
তোমাৰ ৰূপ মাধুৰ্যৰ বৰ্ণনা 
দুখীয়া নিছলাৰ অৱস্থাৰ বৰ্ণনা
মোৰ কলমেৰে
সদায় নিগৰে।

লিখোঁ ভাৱৰ বুৰবুৰণি
মনৰ য'ত আশা-ভৰসা খিনি
তুমিয়ে কৰিলা মোক নিৰাশা
জীৰ্ণ কুটিৰে বহি কৰোঁ ভাৱনা।

কবি, সাহিত্যিক আৰু সংগীতজ্ঞ
এইবোৰৰ ভিতৰত ময়ে 
ময়ে কেৱল অজ্ঞ।

তোমাক যোৱা দেখিলোঁ
অন্তৰত বৰকৈ দুখ পালোঁ
তুমি মোৰ প্ৰিয়া
তোমাৰ বাবে কান্দে মোৰ হিয়া।

যিদিনা তুমি গ'লা মোক এৰি
খোৱা-বোৱা এৰিলোঁ সিদিনা ধৰি
মৰমৰ আই এই জগতত নাই!
তুমিতো জানাই 
মোৰ যে একোৱেই নাই! 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)