মিঠা মাতেৰে নিচুকণি গীত গাই
মৰমৰ বোৱাই নদী
সময়ত হাতত তুলি লৈ লাঠি ।
তেওঁ মোৰ প্ৰথম শিক্ষয়িত্ৰী
যাৰ প্ৰতি আছে মোৰ
অশেষ চেনেহ ভক্তি ।
গম পাই আগতীয়াকৈ
মই দুখ পালে ,
আন্ধাৰ দেখি যেতিয়া
মই ভয় খাও।
তেওঁ মোক লৈ
বুকুত শুৱাই।
তেওঁক আমি নাম দিও
মা , মাতৃ আই নামেৰে
তেওঁৰ সমান কোনো নাই
এই জগতত ।
তেওঁৰ চৰণত যেন
বিচাৰি পাওঁ সৰগখন ঢুকি ।
য'ত জিৰাই পাহৰো
সকলো অশান্তি ।
✍️পৰিশ্মীতা বৰা
মেস্ক পাব্লিক স্কুল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ