ছেদেলি ভেদেলি হোৱা মনটোকহে আচলতে অকনমান থিতাপি লগাবলৈ অতি জটিল ৷ নিজৰেই অত্যাধিক হেঁচাত আনক দেখুওৱাবলৈ সৃষ্টি কৰা হাঁহিটো জানো ধৰা নপৰাকৈ দেখুওৱালৈ ইমান সহজ কথা ? নিজৰ মাজতে এনে পৃষ্ঠা কিছুমান থাকে সেই পৃষ্ঠাসমূহৰ পঢ়ুৱৈ কেৱল নিজেহে ৷ সুখ- দুখ আনক নেদেখুওৱাই লুকাই ৰখা গভীৰ বেদনা,হতাশাৰ এমুঠি যন্ত্ৰণাৰ অনুভূতিবোৰ সন্নিৱিষ্ট হৈ থাকে সেই পৃষ্ঠাৰ পাত বোৰত ৷ তথাপি নিখুঁত অভিনয়েৰে তাক লুকুৱাৰ প্ৰচেষ্টাত এই পৃথিৱীৰ জন-অৰণ্যৰ মাজৰ এজন হৈ ইজনে সিজনৰ মাজত কোলাহলে ছানি ধৰা চৌপাশত এমুঠি হাঁহিৰ স'তে এষাৰি মাতেৰে সম্ভাষণৰ অহৰহ চেষ্টাত জীৱনটো শেষ হ'বৰে হয় ৷
কেতিয়াৱা সমাজৰ জীয়া সমালোচনা বোৰ শুনি ঘোলা হোৱা কাণ দুখন লৈ শাস্তিৰ নামত নিজৰ চকুহালক দুধাৰি বোৱাই হুমুনিয়াহ কাঢ়ি নিৰৱতাৰ বতাহ জাক সাৱটি এবাৰ আকাশলৈ এবাৰ পৃথিৱীলৈ চাই নিজকে শান্তনা দি থমকি ৰোৱা ভৰি দুখনক যেন মনটোৱে আকৌ আগুৱাবলৈ নিৰ্দেশ দিয়ে ৰথৰ চকাৰ দৰেই ৷ কেঁচা বিষাদ খিনি ক'লীয়া ডাৱৰ আঁতৰাদি পুনৰাই চকুহালে জীৱন বাটৰ পোহৰ বিচাৰি সংঘাতৰ ঢেঁৰেকনি নেওচি পাৰ হ'ব খোজে হেঙাৰ হোৱা জীৱনৰ গতিৰোধক বোৰ ৷৷
প্ৰতিটো জীয়া সমালোচনাৰ বিলাপত যেন নাথাকে উপশমৰ ঔষধিৰ সংগ, থাকে মাথো নিৰৱতাৰ বতাহ জাকহে একমাত্ৰ সংগী হৈ ৷ দুখৰ গধুৰ লেপখনে লৰচৰ কৰিব নোৱাৰা জীৱনৰ সেই আনে নজনা পৃষ্ঠাবোৰ নিজৰ মাজতেই পঢ়ি কটাবলগীয়া দিনবোৰ হয়তো আমাৰ নিজৰ বাদে কোনোও নাজানে ৷ তথাপি সময়ৰ ৰথ খন চলি থাকে অবিৰাম সূৰ্য্যাস্তৰ দিশে আৰু জীৱন সময়ৰ পিছে পিছে মানুহ নামেৰে জীয়াই থকাৰ ক্লান্তিহীন সংগ্ৰাম চলি থাকে শেষ উশাহকণ থকালৈকে ৷৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ