চাৰিওফালে চলিছে মহা আয়োজন,
বোৱাই আনিব শান্তি বন্ধীত্বৰ শিকলি খুলি
চাকি বন্তি জ্বলাই কৰিছে মোক আৰতি !
শুনিছনে দেশপ্ৰেমী! হায় মোৰেই সন্তান!
ওৰে নিশা বিনাইছে তঁহতৰ দেশ জননী,
স্বদেশৰ মাটিতেই স্বদেশীৰ হাততে
পংগু হ'ল আজি পৰাধীনতাৰ শিকলি পিন্ধি !
ওলোটাকৈ উৰুৱাই মুক্তিৰ চিহ্ন
ফাঁচি কাঠত ওলমাই হে কৰিছে আহ্বান ,
ভুৱা ভক্তিৰে দেশপ্ৰেমৰ ভাও দি দি
আজি মোৰ কংকালটোহে ৰাখিল বাকী।
গগন ফালি বিয়পাই বক্তৃতাৰ বাইচ
কতনা ৰচিল ফাঁকিৰ ন ন কাহিনী,
কোনেনো বুজিব কাকনো কওঁ মই এলাগী
আজি যে পাবলৈ নাই মোৰ দেশৰ প্ৰকৃত বীৰ।
দেখিছানে বাৰু মুক্তিৰ আৰ্তনাদ দেশৰ সেনানী?
কতনা ডেকা তেজেৰে ৰঙা হ'ল লুইতৰ পানী,
শোকৰ ছাঁ আঁতৰাই পোহৰাই আন স্বাভিমান
নিনাদিত হওঁক আকৌ এবাৰ দেশ মাতৃৰ মুক্তিৰ গান !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ