তুমি শুনা নেকি
সহস্ৰ মৰণমুখী আত্মাৰ নৈৰাশ্যৰ হুমুনিয়াহ?
সময় নদীৰ দুয়োপাৰে
শুনিছানে তুমি ক্ৰন্দন
কোনো অত্ৰিপ্ত প্ৰেতাত্মাৰ নাইবা
কোনো ৰাজলক্ষ্মীৰ?
শুনা নাইনে তুমি
পৃথিৱীৰ পোহৰ নেদেখা কোনো
দুৰ্ভগীয়া ভ্ৰুণৰ
কলকাকলি?
হয়তো মই শুনাৰ দৰে
তুমিও শুনিছা
আকাশে বতাহে
সহস্ৰ বাৰষাৰ
বূষ্টিৰ বন্যাত
আৰু
সভ্যতাৰ শ্মশানঘাটত,,,
✍️ৰেণু শৰ্মা,ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ