পৰাজিত আজি মই জীৱনবোধৰ সতে,
যুঁজিছো প্ৰতিটো পল অনুপলৰ সতে,
বিচাৰি জীৱনৰ খতিয়ন,
পৰাজিত আজি মোৰ কামনাৰ কলিটি,
হেৰুৱালো জীৱনৰ উচ্ছাভিলাষ,
ক'ত ক'ত জীৱনৰ গভীৰ আকাংক্ষা ,
হেৰুৱালো জীৱনৰ সুমধুৰ বাট ,
ক'ত পাম আৰু জীৱনৰ মধুৰ দিনবোৰ,
মনৰ অক্ষয় বন্তিও যেন
নুমাবহি এতিয়া ক্ষন্তেকতে,
তথাপি মনত অপৰাজেয় আশাৱাদ,
তিমিৰাছন্ন আজি মোৰ মনাকাশ,
হতাশাৰ দুলনি এতিয়া বুকুত
সকলোতে পৰাজয় মই,
ৰুধিব কোনে আজি মোৰ মনৰ তন্দ্ৰা,
হৰিব কোনে আজি তিমিৰাছন্ন মন ,
মই যে দুৰ্বল ক্লান্ত,
ভাগি গ'ল আজি মোৰ মিঠা স্বপ্ন,
বিকশিত জ্ঞানৰ অংকুৰটি
হেৰাই যাৱ আজি মোৰ মনৰ মাজতে,
কাৰন মই হাৰি গ'লো,
তথাপি মনত অপৰাজেয় আশাৱাদ ৷
✍ জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ