মা - পাপৰি দাস

©Admin
0
"মা"তুমি পৃথিৱীৰ সমান
     নাজানোঁ তোমাৰ মূল্য কিমান?
এদিন যদি তুমি ঘৰত নাথাকা....
    তেতিয়াহে বুজি পাওঁ,
তোমাৰ মূল্য কিমান?
    কোন হ'ব পাৰে বাৰু তোমাৰ সমান......
মৰমে উপচা হৃদয় বিশাল,
     উঠিয়েই পুৱাই নেদেখিলে তোমাৰ মুখ,
মনটো হয় মোৰ ইছাট-বিছাট।
    উমলি ডাঙৰ হ'লো তোমাৰ বুকুত,
দিলা মোক সৰ্ব্বোতম উপহাৰ।
   কেতিয়াও নহ'ব শেষ 
ব্যক্ত তোমাৰ বৰ্ণনা......। 

✍️পাপৰি দাস।
বৰপেটা ছোৱালী মহাবিদ্যালয়,বৰপেটা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)